যুদ্ধবিধ্বস্ত ইৰাকত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পবিত্ৰ ঈদৰ প্ৰাকক্ষণত ইছলাম প্ৰধান দেশখনত উঠিছে কান্দোনৰ ৰোল। সোমবাৰে ইৰাকৰ ৰাজধানী বাগদাদত ইছলামিক ষ্টেট গোটৰ এক আত্মঘাতী আক্ৰমণত ৩৬ জনৰো অধিক লোক নিহত হৈছে। মৃতসকলৰ বেছিভাগেই মহিলা আৰু শিশু।
এই ঘটনাৰ পিছত সমগ্ৰ ইৰাকতেই শোকৰ ছাঁ পৰিছে। ঈদৰ পূৰ্বে নীৰিহৰ তেজেৰে ফাকু খেলা এই ঘটনাই ইছলামিক সন্ত্ৰাসবাদীৰ দানবীয় স্বৰূপকে প্ৰকাশ কৰিছে।