কলিয়াবৰৰ বুঢ়াপাহাৰত ভূমিস্খলন। পাহাৰৰ প্ৰকাণ্ড শিল আৰু বৃহৎ গছ খহি আৱদ্ধ কৰি পেলাইছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। ফলত দুঘণ্টা সময় ধৰি বন্ধ হৈ পৰে উজনি-নামনিৰ যাতায়াত।
উল্লেখ্য যে, নেৰানেপেৰা বৰষুণৰ ফলতেই প্ৰথমে পাহাৰৰ প্ৰকাণ্ড গছ ওঘালি পৰি বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো। কিছু সময়ৰ পিছতে পাহাৰৰ পৰা খহি পৰে এটা প্ৰকাণ্ড শিলসহ পাহাৰৰ মাটি-বালি। ঘটনাস্থলীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-বনকৰ্মী আৰু জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মুকলি কৰে আবদ্ধ ঘাই পথছোৱা। বৰষুণ অব্যাহত থাকিলে পুনৰ পথছোৱাত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াই। সম্প্ৰতি মুকলি হৈছে ঘাই পথছোৱা।