গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম ইলেক্ট্ৰনিকছ ডেভেলপমেন্ট কৰ্পৰেচন লিমিটেডৰ (AMTRON) উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজিত থ্ৰীডিপিচিঅ’ই (3D Printing Center of Excellence) হেকাথন, ২০২৪-ৰ ২৮ আগষ্টত সামৰণি পৰে। ড’নাৰ মন্ত্ৰালয়ৰ পিএম-ডিভাইন আঁচনিৰ পৃষ্ঠপোষকতাত আয়োজিত এই হেকাথনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু সমগ্ৰ ভাৰতৰ ৩০০ অংশগ্ৰহণকাৰীয়ে ভাগ লয়। ইয়াত শিক্ষানুষ্ঠানসমূহৰ সহযোগত অংশগ্ৰহণ কৰা অটল ইন’ভেচন মিছনৰ ছাত্ৰ-ছাত্ৰীসকলো অন্তৰ্ভুক্ত হৈছে। এই অনুষ্ঠানৰ অধ্যক্ষতা কৰে এমট্ৰনৰ পৰিচালন সঞ্চালক নৰসিং পাৱাৰে (আইএএছ)।
হেকাথনৰ অংশগ্ৰহণকাৰীসকলে পাঁচটা শিতানত অনুষ্ঠিত আকৰ্ষণীয় প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰে। এইসমূহ হৈছে এমএছএমই-ইণ্ডাষ্ট্ৰী ৪.০, হেল্থকেয়াৰ, এগ্ৰি, এটিএল (অটল টিংকাৰিং লেব) আদি। অংশগ্ৰহণকাৰীসকলে কৃষি সমাধান, শক্তি, বহনক্ষম প্ৰযুক্তি আৰু স্বাস্থ্যসেৱাৰ দৰে ভিন্ন ক্ষেত্ৰত তেওঁলোকৰ দক্ষতাৰ প্ৰতিফলনেৰে একাধিক উদ্ভাৱনীমূলক প্ৰকল্প প্ৰদৰ্শন কৰে। চাৰিটা বিজয়ী দলক ৫০,০০,০০০ টকাকৈ পুৰস্কৃত কৰা হয়। বিজয়ীসকল হৈছে লিঅ’ফেলিছ ইনষ্ট্ৰুমেন্টছ প্ৰাইভেট লিমিটেড, জেন্টেলডেন্টেল এআই, চিটিএছথ্ৰীডি আৰু হাইকী টেক প্ৰাইভেট লিমিটেড। এটিএল শিতানত পাঁচগৰাকী উপস্থাপকক ১০,০০,০০০ টকাকৈ পুৰস্কৃত কৰা হয়। এই শিতানৰ বিজয়ীসকল হ’ল ফাৰ্মাৰ্ছ ফ্ৰেইণ্ড, ফিউছাৰ কাৰিকৰ, টিচাৰ, পটহ’ল ফিলাৰ আৰু টীম নিমিষা।
থ্ৰীডিপিচিঅ’ই হেকাথন, ২০২৪ কেৱল প্ৰতিভা প্ৰদৰ্শনৰ বাবেই নহয়, বৰঞ্চ এয়া হৈছে অংশগ্ৰহণকাৰীসকলৰ বাবে উদ্যোগ বিশেষজ্ঞ আৰু সম্ভাৱ্য বিনিয়োগকাৰীসকলৰ সৈতে নেটৱকেৰে নিজ-নিজ ধাৰণা গঢ়ি তোলাৰ এক সুযোগ। উত্তৰ-পূৰ্বাঞ্চলত উদ্ভাৱন আৰু উদ্যমিতাৰ এক স্পন্দনশীল বাতাবৰণ গঢ়ি তুলিবলৈ এই কাৰ্য্যসূচীয়েই হৈছে প্ৰথম এনে অনুষ্ঠান।