আজি ৰাজ্যত ১২খন জিলাৰ ৪০টা সমষ্টিত অনুষ্ঠিত হয় ভোটগ্ৰহণ।
ভোটগ্ৰহণৰ মাজতে দিছপুৰ সমষ্টিৰ কেইবাটাও ভোটকেন্দ্ৰত বিকল হৈ পৰে EVM মেচিন।
সোণাপুৰৰ নৰতাপ একেটা ভোটকেন্দ্ৰতে দুবাৰকৈ EVM মেচিন বিকল হোৱাৰ ফলত বহু সময়লৈকে ৰাইজ অপেক্ষা কৰিবলগীয়া হয়।
৩৩১নং নৰতাপ LP স্কুলৰ সোঁ শাখাত এই ঘটনা সংঘটিত হয়।
সোণাপুৰৰ ডিগাৰু চেনিমুৰ LP স্কুলৰ 229নং EVM মেচিনৰো সেই একে অৱস্থা।
সোণাপুৰ কলংপাৰৰ মালিবাগান ৩৫৩নং LP স্কুলৰ ভোটকেন্দ্ৰৰ লগতে কমাৰকুচি, সোণাই গাঁৱকে ধৰি কেইবাটাও স্থানৰ ভোটকেন্দ্ৰটোত EVM মেচিন বিকল হৈ পৰে ৷
পৰৱৰ্তী সময়ত মেচিনসমূহ ঠিক কৰি লোৱা হয় যদিও বহু সময় ধৰি ৰাইজ অপেক্ষা কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰে।
আজি ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহ হৈছে –মানকাচৰ, ধুবুৰী, গোলকগঞ্জ, বিলাসীপাৰা পূব, গোৱালপাৰা পশ্চিম, গোসাইগাঁও, কোকৰাঝাৰ(পূব), বিজনী, ভবানীপুৰ, বৰমা, বঙাইগাঁও, অভয়াপুৰী(দক্ষিণ), বৰপেটা, বাঘবৰ, চেঙা, দুধনৈ, ছয়গাঁও, হাজো, দিছপুৰ, গুৱাহাটী(পূব), গুৱাহাটী(পশ্চিম), দক্ষিণ শালমৰা, গৌৰীপুৰ, বিলাসীপাৰা(পশ্চিম), গোৱালপাৰা(পূব), জলেশ্বৰ, কোকৰাঝাৰ(পশ্চিম), চিদলী. সৰভোগ, তামুলপুৰ, চাপাগুৰি, অভয়াপুৰী(নৰ্থ), পাটাছাৰকুচি, জনিয়া, সৰুক্ষেত্ৰী, ধৰ্মপুৰ, বকো, পলাশবাৰী, জালুকবাৰী, বৰক্ষেত্ৰী।
Photo: Google