সুৰাই কাল হ’ল ৪ আৰক্ষীৰ। শেহতীয়াকৈ কৰ্তব্যৰত অৱস্থাত দুগৰাকী মহিলাৰ লগত চাৰিগৰাকী আৰক্ষীয়ে সুৰাপান কৰি থকাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হয়।
বুধবাৰে অনিয়মানুৱৰ্তিতাৰ অভিযোগত নিলম্বিত কৰা হয় আৰক্ষী জোৱানকেইগৰাকীক।সোমবাৰৰ এই ঘটনাটোৱে আৰক্ষীৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে বুলি বিবেচনা কৰিয়েই লোৱা হয় এই কঠোৰ সিদ্ধান্ত।
চলিত সপ্তাহত সমগ্ৰ ঘটনাৰ এটি ভিডিঅ’ ভাইৰেল হৈ পৰে।এই ভিডিঅ’ৰ ভিত্তিতে আৰক্ষী জোৱানকেইজনক নিলম্বন কৰা হয়।ঘটনা সন্দৰ্ভত অধিক তথ্য বিচাৰি এতিয়া চলিছে জোৰদাৰ তদন্ত।অতিৰিক্ত আৰক্ষী অধীক্ষক নীৰজ চৌৰাচিয়াই এইদৰেই কয় সংবাদ মাধ্যমৰ সন্মুখত।