উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) বিভিন্ন সংমণ্ডলত যাত্ৰীক অবৈধ ভাবে ৰেলেৰ টিকট বিক্ৰী কৰি অহা দালালৰ বিৰুদ্ধে মাজে – সময়ে অভিযান চলাই আহিছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই জানিবলৈ দিয়া মতে যোৱা ৯ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ চলোৱা এক অভিযানত ৰে’লৱেৰ টিকট অবৈধ ভাবে বিক্ৰী কৰা ৪ জন দালালক আটক কৰিবলৈ সক্ষম হয়। অভিযানত RPFএ একাধিক স্থানৰ পৰা নগদ প্ৰায় ৭৮ হাজাৰ টকা আৰু ২৪ খন ৰেলৱে টিকট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে আটক কৰা দালাল কেইজনৰ বিৰুদ্ধে ৰেলৱে আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত মোকদমা ৰুজু কৰা হয়।
উল্লেখ্য যে, RPFএ ৰে’লৱে টিকটৰ অকর্তৃত্বশীল আৰু অবৈধ ক্ৰয়ৰ ওপৰত নিৰীক্ষণ ৰখাৰ উপৰিও ৰে’লৰ অধিক্ষেত্ৰৰ অধীনত সংঘটিত অন্যান্য অপৰাধমূলক কাৰ্যকলাপৰ ওপৰত নিয়মীয়া নিৰীক্ষণ চলাই আহিছে। শেহতীয়াকৈ ৯ মার্চত RPF, গোৱালপাৰাৰ এটা দলে (কলকাতা-শিলচৰ) বিশেষ ৰেলখনত শিলগুটি নিক্ষেপ কৰাৰ বাবে গোৱালপাৰা টাউনৰ এজন লোকক কৰায়ত্ব কৰে। পিছত, পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰে’লৱে আইনৰ ধাৰা ১৫৪ ৰ অধীনত RPFৰ গোৱালপাৰা ৰেলৱে ষ্টেচনত থকা থানাত এটা গোচৰ ৰুজু কৰা হয়।