ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অন্তৰ্গত , গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন’লজি চমুকৈ IASSTৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস অলপতে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে। তাৰ পাছত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত হয়। সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা মুকলি সভাত ভাষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব বৰি চন্দ্ৰশেখৰ , বিভাগৰ প্ৰাক্তন সচিব আৰু আই এন এছ এৰ সভাপতি অধ্যাপক আশুতোষ শৰ্মা আৰু এ আই ডিৰ মুৰব্বী ডঃ এম মহান্তিয়ে।
প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপক তথা আই এ এছ এছ টিৰ প্ৰতিষ্ঠাপক উদ্ধোধক ডঃ দৰথী হডস্কিন আৰু পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাপ্ৰাপক ডঃ চি ভি ৰামণৰ নামত দুটা জনপ্ৰিয় বিজ্ঞান বিষয়ক বক্তৃতাৰ আয়াজন কৰা হয়। বক্তৃতা প্ৰদান কৰে ক্ৰমে গুজৰাটৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য অধ্যাপক ৰমা শংকৰ ডুবে আৰু কলকাতাস্থিত এছ এন বি এন চি বি এছৰ সঞ্চালক অধ্যাপক তনুশ্রী সাহা দাসগুপ্তাই। তেনেদৰে ভৌতিক আৰু জীৱ বিজ্ঞান বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা বক্তৃতাত বক্তৃতা প্ৰদান কৰে ক্ৰমে পুণেস্থিত আগাৰকাৰ ইনষ্টিটিউটৰ সঞ্চালক ডঃ প্ৰশান্ত দেখভালকাৰ, মণিপুৰৰ ইম্ফলস্থিত আই বি এছ ডিৰ সঞ্চালক অধ্যাপক পুলক কুমাৰ মুখাৰ্জী আৰু কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই।
আনহাতে সভাত বিগত বৰ্ষত আই এ এছ এছ টিৰ পৰা পি এইছ ডি ডিগ্ৰী লাভ কৰা গৱেষক শিক্ষাৰ্থী সকলক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় বিয়লিৰ পৰা সন্ধিয়ালৈ অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত প্ৰতিষ্ঠানখনৰ গৱেষক শিক্ষাৰ্থী সকলে নৃত্য প্ৰদৰ্শন , গীত আৰু বাৰে ৰহনীয়া অনুষ্ঠান পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।