মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰতৰ অভিযান।
এটা ৰাতিৰ ভিতৰতে ৰাজ্যজুৰি ৪১৫ টা দালালক গ্ৰেপ্তাৰ কৰিলে অসম আৰক্ষীয়ে।
কামৰূপ মহানগৰ জিলাত আৰক্ষীয়ে আটক কৰিছে ২২ টা মাটিৰ দালাল।
কামৰূপ গ্ৰাম্য জিলাত আটক কৰিছে ৫২ টা দালাল।
একেদৰে, ডিব্ৰুগড়ত ১৮ টা ,পাটাছাৰকুছিত ১৮ টা,নলবাৰীত ২০ টা,বৰপেটাত ৬ টা,বঙাইগাঁৱত ১৪ টা,যোৰহাটত ৯ টা,লখিমপুৰত ১৩ টা, ধুবুৰীত ৮ টা, বিশ্বনাথত ১৪ টা দালালক আটক কৰিছে অসম আৰক্ষীয়ে।
আটক হোৱা দালালৰ মাজত বহু সম্ভ্ৰান্ত ব্যক্তিও আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে।
মঙ্গলবাৰৰ দিনটোৰ ভিতৰত আৰু অধিক দালাল আটক হোৱাৰ সম্ভাৱনা আছে।