ক্ৰমাৎ অখিল গগৈৰ বিৰুদ্ধে আক্ৰমণৰ চোক বৃদ্ধি কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই।আজি তেওঁ অখিল গগৈ সম্পৰ্কে কৰে কেইবাটাও মহা বিস্ফোৰণ। কি ক’লে হাজৰিকাই:
বিস্ফোৰণ ১: কিবা এটা ‘ফিটিং’ দি অখিল গগৈয়ে জেলত নাথাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কেবিন মাহৰ পিছত মাহ ধৰি দখল কৰি ৰাখিছিল।
বিস্ফোৰণ ২: অখিল গগৈয়ে অসমত বিহাৰ-ইউ পিৰ ষ্টাইল আৰম্ভ কৰিছে।
বিস্ফোৰণ ৩: নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছৰ দিনাই অখিল গগৈয়ে আৱণ্টন নোপোৱাকৈয়ে বিধায়ক আবাসৰ কোৱাৰ্টাৰ দখল কৰিছিল।
বিস্ফোৰণ ৪: অখিল গগৈৰ জয়ৰ আঁৰৰ কাহিনী পিছত ক’ম।
বিস্ফোৰণ ৫: অখিল গগৈয়ে কালি সংবাদ মাধ্যমকে ‘দম’ দিছে।