দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অসমত উপস্থিত হৈছে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী।
মঙলবাৰে অৰ্থাৎ আজি বিশ্বনাথৰ চাহ-বাগিচাত গৈ মহিলা শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে চাহপাতো তোলে।
ইয়াৰ পিছতে তেজপুৰত এখন জনসভা সম্বোধন কৰে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে।
প্ৰিয়ংকা গান্ধীয়ে তীব্ৰ ভাষাৰে বিজেপি চৰকাৰক কটাক্ষ কৰি কয় যে অসমৰ অস্তিত্বক মোদী চৰকাৰে আক্ৰমণ কৰিছে।
কংগ্ৰেছে দিয়া ৫ টা গ্যাৰান্টি হ’ল-
১) এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ আহিলে বিজুলীৰ ২০০ ইউনিট ফ্ৰী কৰি দিয়া হ’ব ।
২) যিসকল গৃহিনীয়ে ঘৰ চম্ভালে, কষ্টৰে পৰিয়ালক সম্ভালে, ল’ৰা-ছোৱালীক চোৱাচিতা কৰে, যিসকল মহিলাই আজিলৈ সম্পূৰ্ণভাৱে সন্মান পোৱা নাই, সেইসকল গৃহিনীক প্ৰতিমাহে ২০০০ টকা গৃহিনী সন্মানৰ আধাৰত প্ৰদান কৰা হ’ব।
৩) চাহ শ্ৰমিকসকলক প্ৰতিদিনে ৩৬৫ টকাকৈ বেতন প্ৰদান কৰা হ’ব।
৪) যেতিয়া কংগ্ৰেছৰ চৰকাৰ গঠন হ’ব তেতিয়া ৫ লাখ চৰকাৰী চাকৰি দিব অসমত।
৫) আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা হ’ব ।
এই ৫টা গ্যাৰাণ্টিৰ কথা উল্লেখ কৰি কয় যে, আপোনালোকে নিশ্চয় ভাবিছে যে, এই প্ৰতিশ্ৰুতি আমি এনেই দি আছো। কিন্তু যেতিয়া আমাৰ চৰকাৰ আহিব তেতিয়া চাহ শ্ৰমিকসকলে ৩৬৫ টকাৰ বেতন প্ৰতিদিনে পাবয়ে। আৰু এই গ্যাৰাণ্টি এনেই দিয়া নাই, আমি ইয়াৰ ওপৰত পৰিকল্পনা ইতিমধ্যে আৰম্ভ কৰিছো।
Photo: Headline8