ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ ধনেৰে মঙলবাৰে বকোত নতুনকৈ নিৰ্মাণ কৰা পথ মুকলি কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় এলেকাৰ অন্তৰ্গত ২৭নং বকো পৰিষদীয় সমষ্টিৰ গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত বৰপাৰা গাঁৱলৈ সোমাই যোৱা সত্ৰাধিকাৰ কৃষ্ণকান্ত অধিকাৰী পথটো মুকলি কৰি মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই পুৰণি দিনৰ কথা স্মৰণ কৰে।
নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোতে বৰপাৰাগাঁৱত থকা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত নিশা কটোৱাৰ কথা ভাষণত উল্লেখ কৰি সেই সময়ত অৱশ্যে পথটোৰ অৱস্থা অতি শোচনীয় বুলি তেওঁ কয়। ভাষণত পৰিৱৰ্তনৰ স্বাৰ্থত অসম চৰকাৰৰ লগতে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদেও যোৱা বিত্তীয় বৰ্ষৰ পৰা এলেকাটোৰ বাট-পথ সমূহ পেভাৰ ব্লক আৰু কাৰ্পেটিং কৰিবলৈ আৰম্ভ কৰিছে বুলি ঘোষণা কৰে।
বকো আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি অপূৰ্ব ৰাভাই আঁতধৰা আজিৰ পথ মুকলি অনুষ্ঠানত বকো পৰিষদীয় সমষ্টিৰ সম্পাদক অমৰেন্দ্ৰ অধিকাৰী, পঞ্চায়ত সভাপতি গনেশ ৰাভা, বকো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বড়ো, দক্ষিণ কামৰূপ বেঙ্গলী ফেডাৰেচনৰ সভাপতি সঞ্জয় চৌধুৰী, গোৰ্খানেতা গোপাল শৰ্মা, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জ্জুন ছেত্ৰী, কাৰ্যবাহী সদস্য ক্ৰমে – সুমিত ৰাভা, নগৰমল স্বৰ্গীয়াৰী, সোণাৰাম ৰাভা, আদিত্য ৰাভা, ফ্ৰায়লি আৰ মাৰাক, গড়কাপ্তানী বিভাগৰ বকোৰ সহকাৰী অভিযন্তাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰে। আজিয়ে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে এলেকাটোৰ খলিহাকোঠ, জোঙাখুলি, বকো,গোৱৰ্ধন, আৰু পাণ্টান পৰিষদীয় সমষ্টিত নতুনকৈ নিৰ্মাণ কৰা পাঁচটা পথ মুকলি কৰা বুলি ৰাইজক জানিবলৈ দিছে ।