এতিয়াৰে পৰা এটা একাউণ্টত ৰাখিব পাৰিব পাঁচটা প্ৰ’ফাইল। ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ্থে এই নতুন সুবিধা আগবঢ়াইছে ফেচবুকে। নতুন সুবিধাটোত কি কি নিয়ম আছে? আপুনি জানেনে?
- ব্যৱহাৰকাৰীসকলে বিভিন্ন প্ৰ’ফাইলৰ সৈতে এটা এটা গোটত যোগদান কৰিব পাৰে। উদাহৰণ স্বৰূপে, ব্যৱহাৰকাৰীয়ে যদি বিচাৰে তেন্তে ঘনিষ্ঠ বন্ধুসকলৰ মাজত এটা নিৰ্দিষ্ট প্ৰ’ফাইল ব্যৱহাৰ কৰিব পাৰে আৰু অফিচিয়েল বা ইমান সুপৰিচিত নথকা গোট এটাত আপুনি আন এটা প্ৰ’ফাইল ব্যৱহাৰ কৰিব পাৰে।
- মেটাৰ মুখপাত্ৰ লিঅনাৰ্ড লামে কৈছে যে, মেটাই ব্যৱহাৰকাৰীসকলৰ আগ্ৰহ আৰু সম্পৰ্কৰ ওপৰত আধাৰিত কৰি এটা নতুন গৱেষণা কৰি আছে। ইয়াত এটা ফেচবুক একাউণ্টৰ সৈতে একাধিক প্ৰ’ফাইল সংযোগ কৰাৰ সুবিধা আছে। অৱশ্যে, ব্যৱহাৰকাৰীসকলে ফেচবুকৰ সুবিধা ল’বলৈ কোম্পানীয়ে ধৰি দিয়া নিয়মবোৰ পালন কৰিব লাগিব।
- মেটাই কৈছিল যে, নতুন সুবিধাটোত অতিৰিক্ত প্ৰ’ফাইল ব্যৱহাৰকাৰীয়ে প্ৰতিটো প্ৰ’ফাইলতে প্ৰকৃত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত, ব্যৱহাৰকাৰীসকলে যিকোনো নামত প্ৰ’ফাইল খুলিব পাৰে।
- উল্লেখ্য যে, ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ মুখ্য প্ৰ’ফাইলত ব্যক্তিৰ প্ৰকৃত নাম ব্যৱহাৰ কৰিব লাগিব। এই নিয়ম পালন নকৰিলে ফেচবুকে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব।