মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ জয়লাভ ৷ প্ৰায় ১৮ হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী পি এছ সিঙক পৰাস্ত কৰে বিৰেন সিঙে ৷ JDU দলৰ এজন প্ৰাৰ্থীৰ জয়লাভ ৷
গোৱাৰ পানাজী সমষ্টিত মনোহৰ পাৰিকৰৰ পুত্ৰ উৎপল পাৰিকৰ পৰাজিত ৷ গোৱাত বৰ্তমানলৈ বিজেপিয়ে ৩ খন আসনত আৰু কংগ্ৰেছে ১ খন আসনত জয়লাভ কৰিছে ৷
এতিয়ালৈকে বিজেপিয়ে ১৮ খনত,কংগ্ৰেছ ১৩ খনত, তৃণমূল কংগ্ৰেছ ৫খনত, আপে ১ খনত আৰু অন্যান্যই ৩ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷
ইপিনে পঞ্জাৱত দুজন প্ৰাৰ্থীৰ জয়লাভ ৷ কংগ্ৰেছ দলৰ এজন আৰু বিজেপি দলৰ এজন প্ৰাৰ্থীয়ে জয়লাভ কৰিছে পঞ্জাৱত ৷ বৰ্তমানলৈকে কংগ্ৰেছে ১৫ খনত, আপ ৮৯ খনত, শিৰোমণি আকালী দলে ৮ খনত, বিজেপিয়ে ৪ খনত আৰু অন্যান্যই ১ খন আসনত অগ্ৰগতি লাভ কৰিছে ।
মণিপুৰৰ নিৰ্বাচনী খবৰ অনুসৰি মণিপুৰত প্ৰায় ৮০০০ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে মুখ্যমন্ত্ৰী এন বিৰেন সিং ৷ বৰ্তমানলৈকে মণিপুৰত বিজেপিয়ে ২৫ খনত, কংগ্ৰেছে ১১ খনত, এনপি পিয়ে য়ে ১৩ খনত JD(U) য়ে ৩ খনত আৰু অন্যান্যই ৮ খনত অগ্ৰগতি লাভ কৰিছে ৷
গোৱাত তিনিখন আসনৰ ফলাফল ঘোষণা ৷ দুখন আসনত বিজেপি আৰু এখন আসনত কংগ্ৰেছৰ জয়লাভ ৷
উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, গোৱা আৰু মণিপুৰত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন ৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা ৷ উত্তৰ প্ৰদেশত ৪০৩ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন ৷
বৰ্তমানলৈকে ভোট গণনাত বিজেপিয়ে ২৬৪ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ সমাজবাদী পাৰ্টীয়ে ১২২ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ বহুজন সমাজবাদী পাৰ্টীয়ে ৬ খনত, কংগ্ৰেছে ২ খনত আৰু অন্যান্যই ৯ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷
ইপিনে উত্তৰাখণ্ডৰ মুঠ বিধানসভা আসনৰ সংখ্যা ৭০ খন ৷ বৰ্তমানলৈকে বিজেপিয়ে ৪৬ খনত, কংগ্ৰেছে ২২ খনত, অন্যান্যই ২ খনত অগ্ৰগতি লাভ কৰিছে ৷
ইপিনে পঞ্জাৱৰ মুঠ বিধানসভা আসনৰ সংখ্যা ১১৭ খন ৷ বৰ্তমানলৈকে কংগ্ৰেছে ১২ খনত, আম আদমী পাৰ্টীয়ে ৮৯ খনত, শিৰোমণি আকালী দলে ১১ খনত, বিজেপিয়ে ৫ খনত আৰু অন্যান্যই ১ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷
মণিপুৰৰ মুঠ বিধানসভা আসনৰ সংখ্যা হৈছে ৬০ খন ৷ বৰ্তমানলৈকে বিজেপিয়ে ২৫ খনত, কংগ্ৰেছে ১২ খনত, NPP য়ে ১০ খনত, অন্যান্যই ১৩ খনত অগ্ৰগতি লাভ কৰিছে ৷
গোৱাৰ মুঠ বিধানসভা আসনৰ সংখ্যা ৪০ খন ৷ বৰ্তমানলৈকে বিজেপিয়ে ১৮ খনত, কংগ্ৰেছে ১২ খনত, তৃণমূল কংগ্ৰেছে ৫ খনত, আম আদমী পাৰ্টীয়ে ১ খনত আৰু অন্যান্যই ৪ খনত অগ্ৰগতি লাভ কৰিছে ।