অৱশেষত ৰাজ্যত মুখ্যমন্ত্ৰীকেন্দ্ৰিক উৎকণ্ঠাৰ অন্ত পেলাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ড. হিমন্ত বিশ্ব শৰ্মাই।
দেশত চলি থকা ক’ৰোনাৰ আহুকালৰ মাজতে ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীৰ সমূখত আহি পৰিছে কেতবোৰ জটিল প্ৰত্যাহ্বান।
বিত্ত, সাধাৰণ প্ৰশাসন, স্বাস্থ্য, নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, সীমা বিবাদ ইত্যাদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত অসমক নেতৃত্ব দিবলৈ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে আগন্তুক ৫টা বছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে কিমান প্ৰত্যাহ্বানজনক হ’ব পাৰে?
কি কি চেলেঞ্জৰ সন্মুখীন হ’ব পাৰে তেওঁ?
চেলেঞ্জ ৱান – ক’ভিড ১৯: বৰ্তমান ৰাজ্যত ক’ৰোনা ভাইৰাছে যিটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে,তেনে পৰিস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে হ’ব পাৰে এক বৃহৎ প্ৰত্যাহ্বান! এই জটিল সন্ধিক্ষণত কেনেদৰে তেওঁ ৰাজ্যবাসীলৈ সহায়ৰ হাত আগবঢ়াব? ইফালে প্ৰতিদিনে ৰাজ্যত বৃদ্ধি হৈ গৈ আছে ক’ৰোনাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। বিগত কাৰ্যকালত স্বাস্থ্যমন্ত্ৰী হিচাপে কৰা ব্যৱস্থাপনাখিনিৰ বাবে এইবাৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী কেশৱ মহন্তক। এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিচাপে ড. শৰ্মাৰ সমূখত ক’ৰোনা এক বৃহৎ প্ৰত্যাহ্বান।
কৰ্মসংস্থাপনঃ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ বাবে আন এক বৃহৎ প্ৰত্যাহ্বান ‘কৰ্মসংস্থাপন’। ইতিমধ্যেই নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰদান কৰা হৈছে ১ লাখ নিৱনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি। এই প্ৰতিশ্ৰুতি পালন কৰাটোও হ’ব এক বৃহৎ প্ৰত্যাহ্বান।
বিত্তীয় অৱস্থা: নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমূখত আন এক বৃহৎ প্ৰত্যাহ্বান হৈছে ৰাজ্যৰ বিত্তীয় অৱস্থা। ইতিমধ্যে পূৰ্বৰ চৰকাৰে ধাৰ পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ হৈছেগৈ ২৩ হাজাৰ কোটি। অৱশ্যে ৰাজকোষত ৭০০০ কোটি টকা জমা থকাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। তথাপি অৰুণোদয় আঁচনি, নিৰ্বাচনী প্ৰতিশ্ৰুতিত উল্লেখ কৰা মাইক্ৰ’পাইনেন্সৰ ধন ৰেহাই দিয়া ইত্যাদি বিষয়ে যে বিত্তীয় ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সমূখত প্ৰত্যাহ্বান আনি দিব সেয়া নিশ্চিত।
বানপানীঃ অসমে বছৰ বছৰ ধৰি সমূখীন হৈ অহা দুৰ্যোগ বানপানীৰ পৰা নতুন মুখ্যমন্ত্ৰীয়ে কিদৰে ৰাজ্যবাসীক সকাহ দিব, সেয়াও হ’ব তেওঁৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। ক’ৰোনাকালত বানাক্ৰান্ত ৰাইজক সংস্থাপন কৰা দিশটো বিশেষভাৱে লক্ষণীয় হ’ব।
ক’ৰোনাৰ বাবে শিক্ষাখণ্ডত ক্ষতিঃ ৰাজ্যত ক’ৰোনাৰ আহুকলীয়া সময়ে কেৱল অৰ্থনৈতিক দিশতে নহয় শিক্ষা খণ্ডটো যথেষ্ট প্ৰভাৱ পেলাইছে। বিগত বৰ্ষত লকডাউনৰ সময়ছোৱাত প্ৰায় ৩-৪ মাহ ধৰি শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত শৈক্ষিক দিশত যথেষ্ট প্ৰভাৱ পৰিছিল, প্ৰভাৱ পৰিছিল ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো। সেই সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই যদিও শিক্ষা দপ্তৰ আন মন্ত্ৰীৰ হাতত তুলি দিছে, তথাপি এনে এক পৰিস্থিতিৰ পৰা ৰাজ্যখনক মুক্ত কৰাৰ বাবে প্ৰত্যাহ্বান থাকিব মুখ্যমন্ত্ৰীৰ সমূখত।
এতিয়া ৫ বছৰৰ বাবে ৰাজ্যৰ শাসন ক্ষমতা হিমন্ত বিশ্বৰ হাতত। সাধাৰণ লোকৰ প্ৰত্যাশা বহু বেছি । অনাগত দিনবোৰত মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কাৰ্যকলাপ অসমৰ ৰাইজে অতি সূক্ষ্মভাৱে লক্ষ্য কৰিব ।
Photo: Google