ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ বায়ু শাখাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰণ এন চি চি ইউনিটৰ চলিত বৰ্ষৰ বাৰদিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ ৪ জানুৱাৰীৰ পৰা গোৱালপাৰা জিলাৰ দুধনৈস্থিত ছেণ্ট পিটাৰছ নেচনেল একাডেমী চৌহদত আৰম্ভ হৈছে । ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ উয়ং কমাণ্ডাৰ এইছ উপাধ্যায়ৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত চিনিয়ৰ আৰু জুনিয়ৰ ডিভিজন গাৰ্লছ আৰু বয়জসহ মুঠ ৩৬০ জন কেডেটে ভাগ লৈছে। আনহাতে শিবিৰত ভাৰতীয় বায়ু সেনাৰ বিষয়া সকলে কেডেট সকলক যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, বন্দুক চালনা, ড্ৰিল, শাৰীৰিক অনুশীলন, এৰো মডেলিং আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
তেনেদৰে দেশৰ সশস্ৰ বাহিনী সমূহত কিদৰে ভৰ্তি হৈ দেশমাতৃক সেৱা কৰিব পাৰি তাৰ বাবে বৰঝাৰস্থিত এয়াৰফৰ্চ চিলেকচন বৰ্ড, এয়াৰমেন চিলেকচন চেন্টাৰৰ বিষয়া সকলে কেডেট সকলক ভাৰতীয় বায়ু সেনাত বিভিন্ন পদত কিদৰে ভৰ্তি হব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। তেনেদৰে আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী (এন ডি আৰ এফ) ৰ ফালৰ পৰাও প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক কিদৰে নিৰাপদে উদ্ধাৰ কৰিব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। আনহাতে প্ৰতিদিনে সন্ধিয়াৰ পৰা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত কেডেট সকলে দেশপ্ৰেমমুলক নৃত্য, গীত আৰু বিহু, বাগৰুম্বাকে ধৰি জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰি আহিছে। উল্লেখ্য যে অহা ১৩ জানুৱাৰীৰ দিনা শিবিৰৰ সামৰণি পৰিব।