নিউজ ডেস্কঃ অসমৰ এগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতা৷ যিয়ে বৰ্তমান অসমৰ বিত্তমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী দৰে গধুৰ দায়িত্বত বহন কৰি ৰাইজৰ সেৱা আগবঢ়ায় আহিছে ৷
তেওঁৰ নাম হ’ল ড০ হিমন্তবিশ্ব শৰ্মা ৷
যাক সম্প্ৰতি মামা বুলিও যুৱ প্ৰজন্মৰ মাজত পৰিচিত ৷
১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এইগৰাকী ৰাজনৈতিক নেতাই সম্প্ৰতি অসমৰ ৰাজনৈতিক পথাৰখনত দপদপাই আছে ৷
ছাত্ৰ কালতে সমাজ সেৱা আৰু ৰাজনীতিত খোজ দিয়া ড০ শৰ্মাই ২০০১ৰ পৰা ২০১৫ বৰ্ষলৈ তিনিটা কাৰ্যকাল কংগ্ৰেছৰ হৈ জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৷
উল্লেখযোগ্য যে ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰে ৷
২০১৬ চনত বিজেপিৰ টিকটত পুনৰ একেটা সমষ্টিৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হয় হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য, সোমবাৰে ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ বছৰীয়া জন্মদিনত উপলক্ষে শুভেচ্ছা জনালে ৰাজনৈতিক নেতাসকলৰ লগতে তেওঁৰ গুণমুগ্ধ সকলেও ।
বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডায়ো সোমবাৰে টুইটযোগে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।