দুটাকৈ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য।
প্ৰথমটো ভূমিকম্প পুৱা ৭.৫২ বজাত অনুভূত হোৱাৰ পিছতে দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৮ বাজি ৩ মিনিটত।
প্ৰথমটো জোকাৰণি প্ৰায় ৩০ ছেকেণ্ড ধৰি অনুভূত হয়।
ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ বুলি জানিব পৰা গৈছে।
ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭।
এই ভূমিকম্পৰ ফলত গুৱাহাটী মহানগৰীৰ লগতে অসমৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয়–ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে।
ক’ৰোনা মহামাৰীৰ সংকটৰ সময়তে ভূমিকম্পৰ জোকাৰণিয়ে শংকিত কৰি তুলিছে সমগ্ৰ অসমবাসীক।