বৃহস্পতিবাৰে নিশা মেঘালয়ত এক কৰুণ ঘটনা সংঘটিত হয়।
ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ ৰিম্বাইত সংঘটিত হয় এই দুৰ্ঘটনাটো। বৃহস্পতিবাৰে এই দুৰ্ঘটনাটো সংঘটিত হয় যদিও শুকুৰবাৰে পুৱা লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
সুৰংগ খনন কাৰ্য চলি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।
অবৈধ কয়লা খনিটোত শ্ৰমিককেইজনে মেচিনেৰে কাম কৰি থকা অৱস্থাতে খনিৰ সুৰংগত ৫০ ফুট তললৈ বাগৰি পৰে।
ফলত ৬জন লোকে প্ৰাণ হেৰুৱায়। পুৱা মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য, ২০১৮ চনতো এন এক অনুৰূপ ঘটনা সংঘটিত হৈছিল। অবৈধ কয়লা খনিত কৰ্মৰত অৱস্থাত প্ৰায় ১৩জন লোকে প্ৰাণ হেৰুৱাইছিল।
Photo: Google