অৰুণাচল প্ৰদেশৰ আপাৰ হলংগীত অঘটন। ভূমিস্খলন আৰু বানৰ ফলত নিহত হৈছে কেইবাজনো লোক। বানত উটি গৈছে ঘৰ। আজি হলংগী বিমান বন্দ পানী যোগানৰ কামত নিয়োজিত কলকাতাৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰী ভূমিস্খলনত মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতেই বান পানীৰ ফলত আন কেইবাজনো লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।
জানিব পৰা মতে, ভূমিস্খলনে প্ৰথম ৩ জন লোকক পাহাৰীয়া মাটিয়ে হেচা মাৰি ধৰে যদিও ইয়াৰে ২ জনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে এজনৰ মৃত্যু হয়।
আনহাতে অৰুণাচল প্ৰদেশৰ আপাৰ হলংগীত আজি পুৱা চাৰিটি শিশুৱে আহাৰ গ্ৰহণ কৰি থকা সময়তে ঘৰটো নদীৰ পানীয়ে উটুৱাই নিয়ে। এই পৰ্যন্ত শিশু চাৰিটাৰ কোনো সন্ধান পোৱা নাই। আজি বিয়লি ৫ বজালৈকে অৰুণাচল প্ৰদেশৰ ইটানগৰ এলেকাত মুঠ ছয়জনৰ ভূমিস্খলন আৰু বান-বৰষুণৰ সংহাৰী ৰূপত মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে।