গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টে ( জি কে বি টি) ২০১৮ চনৰ পৰা প্ৰদান কৰি অহা ‘গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা – ২০২৪’ এইবেলি ষষ্ঠবাৰৰ বাবে প্ৰদান কৰিছে গুৱাহাটীৰ গড়চুকৰ সমীপৰ পামহীস্থিত পাৰিজাত একাডেমীৰ প্ৰতিষ্ঠাপক উত্তম টেৰণক। বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত উত্তম টেৰণক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ৫০ হাজাৰ চেক, এটা স্মাৰক , এখন প্ৰশস্তি পত্ৰ, এখন আৰনাই আৰু গ্ৰন্থৰ টোপোলা। উল্লেখ্য যে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬৫ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ১৮ এপ্ৰিলৰ দিনটো ২০২২ চনৰ পৰা বি টি আৰ চৰকাৰেও এই দিৱসটো পালন কৰি আহিছে বুলি ট্ৰাষ্টৰ সভাপতি ডঃ অজিত বড়োই জানিবলৈ দিছে। আনহাতে শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে দিনৰ ১০ বজাত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ক্ৰমে – অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্যকান্ত হাজৰিকা, এছ ই ডি এছৰ উপ সভাপতিত্ৰয় ফতেন্দ্ৰ বসুমতাৰী, নিৰঞ্জন ব্ৰহ্ম আৰু থুলেশ্বৰ কছাৰী, বড়ো সমাজৰ সভাপতি বেণুধৰ বসুমতাৰী, সদৌ ব্ৰহ্ম ধৰ্ম মহিলা ফৰামৰ সভানেত্ৰী বিদাংশ্ৰী ব্ৰহ্ম, সদৌ ব্ৰহ্ম ধৰ্ম যুৱ ফৰামৰ সম্পাদক ছানচুমা নাৰ্জাৰীয়ে।
আনহাতে দিনৰ ১১ বজাত ট্ৰাষ্টৰ সভাপতি ডঃ অজিত বড়োৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োয়ে। সভাখন উদ্ধোধন কৰে আৰ এছ এছৰ অসম প্ৰান্তৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই। আনহাতে সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ উত্তম টেৰণক ষষ্ঠ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই। সভাত ধীৰাজ কুমাৰ বায়নে গুৰুদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰা আৰু গুৰুদেৱ পাব্লিকেচনে প্ৰকাশ কৰা এখন আত্মজীৱনীমূলক গ্ৰন্থ উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে। তেনেদৰে ট্ৰাষ্টে প্ৰকাশ কৰা ‘গুৰুদেৱ নি বচন’ নামৰ গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হেমন্ত নাৰ্জাৰীয়ে। সভাত বিশেষ অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্যকান্ত হাজৰিকা আৰু বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী, বিশিষ্ট অতিথি হিচাপে এছ বি ডি পি এছৰ মুখ্য দায়িত্ববাহী মনোৰঞ্জন ব্ৰহ্ম, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া হেমন্ত নাৰ্জাৰী, বাথৌ মহাসভাৰ সম্পাদক গণেশ দৈমাৰী, জি বি এৰ উপ সভাপতি ৰজনী কান্ত ব্ৰহ্ম, এছ ই ডি এছৰ সভাপতি অশ্বিনী কুমাৰ স্বৰ্গীয়াৰী, বড়ো কছাৰী স্বায়িত্ব কল্যাণ পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰী আৰু এছ পি এছৰ অধিনায়ক ৰমেশ চন্দ্ৰ ব্ৰহ্মই। শেষত শলাগৰ শৰাই আগবঢ়াই ট্ৰাষ্টৰ সম্পাদক পিয়াৰী মোহন ব্ৰহ্মই। উল্লেখ্য যে উত্তম টেৰণে দীৰ্ঘদিন ধৰি সমাজৰ অবহেলিত, দৰিদ্ৰ শিশুসকলক শিক্ষা প্ৰদানকে ধৰি মানৱ সেৱাত ব্ৰতী হৈ নিজকে সমৰ্পিত কৰাৰ বাবে ১৭ মাৰ্চত অনুষ্ঠিত জুৰি বৰ্ডৰ বৈঠকত তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।