দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
ইফালে পশ্চিমবংগত আজি অনুষ্ঠিত হৈছে ষষ্ঠ পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ।
আজি ৪৩ টা সমষ্টিত অনুষ্ঠিত হ’ব ষষ্ঠ পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কাৰ্য্যসূচী।
আজি প্ৰায় ১ কোটিৰ অধিক ভোটাৰ নিৰ্ণয় কৰিব ৩০৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
বিগত ভোট গ্ৰহণত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ বাবে আজি ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা হৈছে বুলি জানিব দিছে ভাৰতীয় নিৰ্বাচনী আয়োগে।
লগতে জনাইছে যে সকলো ধৰণৰ ক’ৰোনা সম্বন্ধীয় নীতি নিয়ম পালন কৰি পশ্চিমবংগত আজি নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।
Photo Credit: Google