একাষৰীয়া হ’ল ৰাইজৰ দলৰ নেতা অখিল গগৈ৷ ব্যক্তিগত কোম্পানীৰ দৰে দল চলোৱাৰ অভিযোগ তুলি আজি কেইবাজনো শীর্ষ নেতাৰ লগতে আঞ্চলিক দলটোক জন্ম দিয়া ৭০টা সংগঠনে দল ত্যাগ কৰিলে৷ আনকি ৭০টা সংগঠনৰ উমৈহতীয়া মঞ্চখনো আনুষ্ঠনিকভাৱে ভংগ ঘোষণা কৰা হ’ল৷
বিগত সময়ছোৱাত ৰাজ্যৰ আন আন বিৰোধী ৰাজনৈতিক দলসমূহে গগৈক একাষৰীয়া কৰাৰ পাছত আজি নিজ দলৰে নেতাসকলেও এনেদৰে তেওঁৰ সংগ ত্যাগ কৰাৰ পৰাই স্পষ্ট হৈ পৰিছে, ৰাইজৰ দলত প্রকৃততে এতিয়া কি চলি আছে৷ আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অখিল গগৈৰ বিৰুদ্ধে তীব্র ক্ষোভ ব্যক্ত কৰি সংগঠনসমূহৰ নেতৃত্বই কয় যে, আঞ্চলিক দলটো নিজৰ নীতি-আদর্শৰ পৰা কক্ষচ্য়ুত হৈছে৷
দলৰ ভিতৰ চ’ৰাত কোনো গণতন্ত্র নাই৷ অখিল গগৈয়ে যি কয় সেয়াই হয়৷ ৰজাৰ দৰে গগৈয়ে দল চলাইছে বুলি অভিযোগ উত্থাপন কৰি সংবাদমেলত উপস্থিত থকা দলটোৰ সম্পাদক অনুপ শইকীয়াই কয় যে, ৰাইজৰ দল এতিয়া এটা ব্যক্তিগত কোম্পানীত পৰিণত হৈছে৷ ইয়াৰ চি এম ডি হৈছে অখিল গগৈ৷ ৰাইজৰ দলৰ পৰিৱর্তে অখিল গগৈক প্রাইভেট লিমিটেড কোম্পানী হিচাপে দলটোক নামকৰণ কৰিবলৈ আহ্বান জনাই। তেওঁ লগতে কয় যে, গগৈয়ে এতিয়া এটা নির্দিষ্ট সম্প্রদায়ক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে৷ যিটো অসমৰ বাবে অত্যন্ত ক্ষতিকাৰক৷
বিজেপি বা এ আই ইউ ডি এফতকৈও ৰাইজৰ দল অধিক সাম্প্রদায়িক বুলি মত প্রকাশ কৰি তেওঁ স্পষ্টভাৱে কয় যে, অসমত অসমীয়াৰ দাদাগিৰি নচলিব বুলি খিলঞ্জীয়া লোকক হুংকাৰ দিয়া আমছুৰ নেতাও এতিয়া ৰাইজৰ দলৰ নেতা৷ তেনে লোকক অখিল গগৈয়ে নির্বাচনত টিকটো প্রদান কৰে৷ যিজন অখিল গগৈয়ে পূর্বতে কংগ্রেছক বিৰোধিতা কৰিছিল, সেইজন গগৈয়েই এতিয়া কংগ্রেছৰ নেগুৰত ধৰি ঘূৰি ফুৰিছে৷
মিত্রতা বিচাৰি ৰাহুল গান্ধীৰ শৰণাপন্ন হৈছে৷ আনহাতে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা পদত্যাগ কৰা ৰুবুল দাসে কয় যে, অখিল গগৈ কোনো স্থিতি নথকা ব্যক্তি৷ নির্বাচনৰ পূর্বে কংগ্রেছ সাম্প্রদায়িক দল আছিল, কিন্তু নির্বাচনৰ পাছতে সেই কংগ্রেছৰ সৈতে মিত্রতা বিচাৰি তেওঁ দিল্লীত কংগ্রেছ নেতাৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে৷ আনহাতে আকৌ তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীক দেখা কৰিবলৈকো বাৰে বাৰে গৈছে৷
নিজৰ কোনো স্থিতি নথকাৰ বাবেই গগৈয়ে এনেদৰে ৰাষ্ট্রীয় দলৰ নেতাসকলৰ শৰণাপন্ন হৈছে বুলি উল্লেখ কৰি তেওঁ স্পষ্টভাৱে কয় যে, আমি যিকেইটা সংগঠন একত্রিত হৈ দলটো গঠন কৰিছিলোঁ, সেই সংগঠনসমূহেই যেতিয়া ওলাই আহিল, গতিকে এতিয়া ৰাইজৰ দল বুলি কোনো ৰাজনৈতিক দল নাই৷ যিটো দল থাকিব সেইটো দল অখিল গগৈৰ দলহে৷ আনহাতে, অখিল গগৈয়ে দলৰ সংবিধান অৱমাননা কৰিছে বুলি উল্লেখ কৰি সংবাদমেলত উপস্থিত থকা কেইবাজনো নেতাই কয় যে, গগৈ ৰাজনৈতিকভাৱে এজন অপৰিপক্ব লোক৷
তেওঁ ব্যক্তিগত স্বার্থসিদ্ধিৰ বাবে জাতীয় স্বার্থৰ প্রতি পিঠি দিছে৷ তেওঁ চলাই থকা চৰম একনায়কত্ববাদৰ বাবেই দলটোত অন্তঃকন্দলৰ সৃষ্টি হৈছে৷ আনকি দলৰ কোনো গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্রতো ৭০টা সংগঠনৰ সৈতে গগৈয়ে কোনো ধৰণৰ আলোচনা নকৰে৷ মন কৰিব লগীয়া কথা যে, অখিল গগৈক ৰাজ্যৰ বিৰোধী দলসমূহেও ইতিমধ্যে একাষৰীয়া কৰিছে৷ কিয়নো গগৈয়ে নিজে বিৰোধী দলৰ নেতা হোৱাৰ চেষ্টা চলাইছিল৷ বিৰোধী দলসমূহে তেওঁৰ এই আশাত চেঁচাপানী ঢলাৰ পাছত তেওঁ আনকি কংগ্রেছৰ সৈতে মিত্রতা বিচাৰি দিল্লীলৈ গৈ পোনে পোনে কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধীকো দেখা কৰিছিলগৈ৷
কিন্তু তাৰ পাছতো কংগ্রেছে ৰাইজৰ দলৰ সৈতে মিত্রতা নকৰিলে৷ প্রকৃততে গগৈক একেবাৰে বিশ্বাসত লোৱা নাই কংগ্রেছকে ধৰি বিৰোধী দলসমূহে৷ আনকি এ আই ইউ ডি এফৰ নেতাই গগৈয়ে মহাজোঁটত অংশগ্রহণৰ নামত ধন বিচৰা বুলিও অভিযোগ উত্থাপন কৰিছিল৷ একেদৰে আঞ্চলিক গণ মর্ৰ সভাপতি অজিত ভূঞায়ো অখিল গগৈক বিশ্বাস কৰিব নোৱাৰি বুলি ৰাজহুৱাকৈ মত ব্যক্ত কৰিছিল৷
বিৰোধী দলসমূহে গগৈক আস্থাত নোলোৱাৰ পাছতেই আজি নিজ দলৰে একাংশ নেতা তথা ৭০টা সংগঠন ৰাইজৰ দলৰ পৰা ওলাই অহা কার্যই প্রমাণ কৰিছে যে গগৈক কোনেও বিশ্বাসত নলয়৷ উল্লেখযোগ্য যে, আজি আহোম জাতীয় গণ মঞ্চ, অনুসূচিত জাতি যুৱ-ছাত্র পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম সুৰক্ষা সেনা, গণ ঐক্য সংগ্রাম সমিতি, আছাম ইণ্ডিজিনিয়াছ পীপলছ প্রটেকশ্যন সমিতি, অসমপ্রেমী যুৱ-ছাত্র সমাজ, কৃষক-শ্রমিক উন্নয়ন পৰিষদ, অবড়ো কছাৰী জাতীয় পৰিষদ আদিকে ধৰি মুঠ ৭০টা সংগঠনে দলটোৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে৷