ইউক্ৰেইনৰ চুমী চহৰত আবদ্ধ হৈ থকা অসমৰ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি ৭০০ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰত ব্যৰ্থ হয় ভাৰত চৰকাৰ। ভাৰতীয় দূতাবাসৰ তৎপৰতাত সোমবাৰে চুমী ষ্টেট ইউনিভাৰ্চিটিৰ হোষ্টেলত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী সকলক ৰোমনিয়া সীমান্তলৈ আনিবৰ বাবে সাজু হৈছিল যদিও সেয়া হৈ নুঠিল।
ছাত্ৰ-ছাত্ৰীসকলে বাছেৰে যাত্ৰা কৰাৰ পূৰ্বেই ভাৰত চৰকাৰে বাৰ্তা প্ৰেৰণ কৰে যে বাছেৰে যাত্ৰ কৰাটো নিৰাপদ নহ’ব। ইয়াৰ পাছতে পুনৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকল বাংকাৰৰ ভিতৰত সোমাই পৰে। প্ৰকৃততে ৰাছিয়াই ভাৰতৰ লগতে আন নাগৰিকসকলৰ সুৰক্ষাৰ কথা লক্ষ্য ৰাখি যুদ্ধ বিৰতি ঘোষণা কৰিছিল আৰু মানৱীয় দণ্ডি (হিউমেনিটেৰিয়ান ক’ৰিডৰ)ৰ জৰিয়তে উদ্ধাৰৰ ব্যৱস্থা কৰিছিল।
ৰাছিয়াই অভিযোগ কৰিছে যে, ইউক্ৰেইনে মানৱীয় ঢাল হিচাপে ব্যৱহাৰ কৰিছে বিদেশী নাগৰিকসকলক, যাৰ বাবে ইউক্ৰেইন ত্যাগত অসুবিধা হৈছে বিদেশী নাগৰিকৰ।