ৰাজ্যত ৮০ খন পৌৰসভা নতুনকৈ গঠন হোৱাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনো অনুষ্ঠিত হ’ব৷ আক্ষৰিকভাৱে ৰাজ্যৰ পৌৰ প্ৰশাসনে নতুন নেতৃত্বত নতুন গতি পাব আৰু নগৰীয়া উন্নয়নো ত্বৰান্বিত হ’ব বুলি ধাৰণা কৰা হৈছে৷
প্ৰশ্ন হয়, নিৰ্বাচিত প্ৰতিনিধিসকলে দিয়া প্ৰতিশ্ৰুতিসমূহ প্ৰকৃতাৰ্থত পালন কৰিবলৈ সক্ষম হ’বনে? কাৰণ বিগত তিনি দশক ধৰি ৰাজ্য চৰকাৰে স্থানীয় নিগম-নিকায়সমূহলৈ কোনো ধৰণৰ সংবিধানপ্ৰদত্ত ক্ষমতা হস্তান্তৰ কৰা নাই। তথ্য মতে, চৰকাৰে বিগত তিনি দশকত ক্ষমতা হস্তান্তৰ নকৰাৰ বাবে এই নিগম-নিকায়বোৰৰ নিৰ্বাচিত প্ৰতিনিধিসকলে ইচ্ছা থাকিলেও কোনো কাম কৰিব নোৱাৰে ৷
অথচ ১৯৯২চনত ৭৪ সংখ্যক সংবিধান সংশোধন দেশৰ নিগম নিকায়সমূহক অধিক শক্তিশালী কৰিবলৈকে কৰা হৈছিল৷ নগৰ পৰিকল্পনা, অট্টালিকা নিৰ্মাণ, মাটিৰ ব্যৱহাৰ, আৰ্থিক আৰু সামাজিক উন্নয়ন, ৰাস্তা ঘাট দলং নিৰ্মাণ, পানীযোগান, অনাময়, জাৱৰ নিষ্কাশন, পৰিৱেশ সুৰক্ষা, দুৰ্বল শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা, বস্তি উন্নয়ন, নগৰীয়া দৰিদ্ৰতা নিৰ্মূল, জন্ম মৃত্যুৰ পঞ্জীয়ন আদি ১৮টা বিষয়ত নিগম নিকায়সমূহক পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিবলৈ কোৱা হৈছিল৷ ইয়াৰ উদ্দেশ্য আছিল যাতে নিগম নিকায়সমূহে নিজৰ পৰিকল্পনাৰে নগৰসমূহৰ উন্নয়ন সাধন কৰিব পাৰে ৷
১৯৯৩ৰ ১ জুনৰ পৰা এই সংশোধনী কাৰ্যকৰী হৈছিল যদিও ৰাজ্যৰ কোনো এখন চৰকাৰেই সংবিধানপ্ৰদত্ত এই অধিকাৰসমূহ হস্তান্তৰ নকৰিলে ৷ ফলত এই নিগম নিকায়বোৰ এতিয়াও হৈ আছে নখ দন্তবিহীন বাঘ।
গাওঁ পঞ্চায়তৰ লগতে এই নিগম নিকায়বোৰ হৈছে ক্ষমতা বিকেন্দ্ৰীকৰণৰ যোগেদি উন্নয়নক অধিক বিস্তৃত কৰাৰ মাধ্যম। সেইবাবেই সংবিধানে এই সমূহক পৰ্যাপ্ত ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰিছে ৷ ৰাজ্য চৰকাৰে শীঘ্ৰে এই ক্ষমতা এই সংস্থাসমূহলৈ হস্তান্তৰ নকৰিলে নিৰ্বাচন মাত্ৰ এক ধনৰ অপচয়হে হৈ ৰ’ব ৷