দেশত ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণ।
ক’ৰোনা সংক্ৰমণৰ মাজতে আজি পশ্চিমবংগত অনুষ্ঠিত হ’ল অন্তিম তথা অষ্টম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰা হৈছে ভোটগ্ৰহণ কাৰ্যসূচী।
এই ভোটগ্ৰহণ কাৰ্যসূচীত সকলো ধৰণৰ ক’ৰোনা ভাইৰাছ সম্পৰ্কীয় নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে ভাৰতীয় নিৰ্বাচনী আয়োগে।
আজি ৩৫টা সমষ্টিত অনুষ্ঠিত হ’ব এই নির্বাচনী ভোটগ্ৰহণ।
পশ্চিমবংগ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা অন্তিম তথা অষ্টম পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰায় ৮৪ লাখৰো অধিক ভোটাৰে ২৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
আনহাতে নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ছোৱাত ভোটকেন্দ্ৰ সমূহত কোনো ধৰণৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে
নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা হৈছে বুলি জানিবলৈ দিছে নিৰ্বাচনী আয়োগে।
Photo Credit: Google