বিগত ২০ জুনত মৰিগাঁওৰ বালিদোঙাত এগৰাকী ৯ বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰিছিল ছৈয়দ আলী ওৰফে পাঠা নামৰ নৰপিশাচটোৱে।বৃহস্পতিবাৰে শেষ নিশা ধৰ্ষণকাণ্ডৰ তদন্তৰ বাবে আৰক্ষীয়ে ঘটনাস্থলীলৈ লৈ গৈছিল ধৰ্ষণকাৰীটোক।ইয়াৰ মাজতেই আৰক্ষীৰ জিম্মাৰ পৰা ছেগ বুজি পলাবলৈ চেষ্টা কৰে পাঠাই।
সেয়েহে আৰক্ষীয়ে ধৰ্ষণকাৰীটোৰ ভৰিলৈ লক্ষ্য কৰি গুলীয়াবলৈ বাধ্য হয়।
আৰক্ষীৰ দুটাকৈ গুলী পাঠাৰ ভৰিত লাগে।ইয়াৰ পাছতেই পাঠাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।