গোগামুখৰ এটি কণমানি গণ ধৰ্ষণৰ বলি।
লখিমপুৰৰ গোগামুখৰ চাওলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত থেকেৰা গুৰিৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী দীপশিখা শইকীয়া।
যিগৰাকী ছাত্ৰী কেইটামান নৰ পিশাচৰ কামণাৰ বলি হ’ল।
ৰহাৰ কাৰ্বি কিশোৰীগৰাকীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা মাৰ নৌযাওতেই পুনৰ আন এগৰাকী কণমানি নিৰ্মম অত্যাচাৰৰ বলি হ’ল।
ঘৰত কোনো নথকা সুযোগ লৈ শিশুটিক ধৰ্ষণ কৰি গামোচাৰে ডিঙিত বান্ধি ওলোমাই থৈ যায় কোনো অচিনাক্ত পাষণ্ডই।
স্থানীয় ৰাইজে সন্দেহত সমীপতে কৰ্মৰত এন এইছ পি চিৰ টাৱাৰ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা ১৮ জনকৈ শ্ৰমিকক ধৰি আনি আৰক্ষীক গতাই দিয়ে।
ইতিমধ্যে ১৮ জন শ্ৰমিকক আৰক্ষীয়ে আটক কৰি চাউলধোৱা আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে যদিও প্ৰকৃত দোষীক চিনাক্ত কৰিব পৰা নাই এই মুহূৰ্তলৈকে।
ইফালে ঘটনাটো সন্দৰ্ভত গোগামুখৰ চাওলধোৱা আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই জনাই যে, ASP আৰু DSP বিষয়াই নিজেই ঘটনাটোৰ তদন্ত কৰিব।
তদন্তৰ গাফিলতি নকৰিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছে।
পৰিয়ালে অভিযোগ কৰা ১৭-১৮জন শ্ৰমিকক আমি থানালৈ আনি সোধা-পোছা অব্যাহত ৰাখিছো।
মৰণোত্তৰ প্ৰক্ৰিয়াৰ বাবে চিভিল হাস্পতালৰ সৈতে সংযোগ কৰা হৈছে।
হিয়া ঢাকুৰি কান্দি কান্দি মাতৃয়ে ক’লে যে, মই আৰু মোৰ স্বামী কামৰ বাবে ওলাই গৈছিলো।
পিছত আমাক খবৰ দিয়াত আমি আহি দেখিবলৈ পাও যে, বাৰাণ্ডাত তাই ওলমি আছিল।
ঘৰত তাইৰ বাদে কোনো নাছিল। কাষতে নিৰ্মাণৰত কোম্পানীটোৰ শ্ৰমিকৰ ওপৰত সন্দেহ কৰিছো।
আগতে এনে ঘটনা ঘটা নাই। কোম্পানীটো আৰম্ভ হোৱাৰ পৰা এই ঘটনা সংঘটিত হৈছে।
আজি মোৰ ছোৱালীৰ হৈছে, কাইলৈ বেলেগৰ ছোৱালীৰ হ’ব। আমাক ন্যায় লাগে। চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনাইছো।
ঘটনা সন্দৰ্ভত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী সদস্যই সংবাদ মাধ্যমৰ আগত জনাই যে,
এয়া পৰিকল্পিত হত্যাকাণ্ড।
যেতিয়াৰে পৰা ইয়াত মিঞা মুছলমান আহিছে এই ঘটনা সংঘটিত হ’বলৈ আৰম্ভ হৈছে। শীঘ্ৰে ইয়াৰ উচিত তদন্ত হ’ব লাগে।
ইফালে ছচিয়েল মিডিয়াত এই দুগৰাকী কণমানিৰ ন্যায় বিচাৰি বহু লোকৰ লিখনি।
কিন্তু শাস্তি পাবনে এই মানৱৰূপী দানৱ কেইটাই?
ছাত্ৰী গৰাকীক ন্যায় প্ৰদানৰ দাবীৰে সকলোৱে একেমুখে দাবী তুলিছে ক্ষোভৰ জুইকুৰা শান্ত হোৱাৰ পূৰ্বেই নিৰ্ভয়া কাণ্ডৰ দৰেই ফাঁচী হওক আটাইকেইটাৰে।
Photo: Headline8