মহানগৰীৰ বি বৰুৱা কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰবক্তা ড০ চাবিনা লাংথাছাৰ ঘৃণনীয় কাণ্ড! বি বৰুৱা কলেজৰ প্ৰবক্তাগৰাকীয়ে ঘৰুৱা কাম কৰিবলৈ নিয়োগ কৰিছিল ১০ বছৰীয়া কিশোৰীক। ব্যৱসায়ী স্বামীৰ সৈতে মিলি গাত গৰম ইস্ত্ৰি লগাই শাস্তি বিহিছিল ১০ বছৰীয়া কিশোৰীক। শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈছে শিশুৰ ওপৰত নিৰ্যাতন। চুৰি কৰি অনা দুটি শিশুৰ ওপৰত বীভৎস নিৰ্যাতন চলাই এতিয়া ৰঙাঘৰত আছে কোটিপতি চিকিৎসক দম্পতি ডাক্তৰ সংগীতা দত্ত আৰু ডাক্তৰ ৱালিউল ইছলাম।
এইবাৰ বি বৰুৱা কলেজৰ প্ৰবক্তাই উমৰাংছুৰ দৰিদ্ৰ মাক-দেউতাকৰ পৰা অনা ১০ বছৰীয়া এগৰাকী কিশোৰীক নিৰ্যাতন চলাই দেখুৱালে বীৰত্ব। নিজে লাখ টকীয়া দৰমহাৰ চাকৰি কৰে, স্বামী প্ৰতিষ্ঠিত ব্যৱসায়ী, কিন্তু তাৰ পাছতো ১০ বছৰীয়া কিশোৰীক দুবেলা-দুসাজ খুৱাবলৈ নোজোৰে পৰিয়ালটোৰ। ইফালে পৰিয়ালটো থাকে মহানগৰীৰ ভগদত্তপুৰৰ পিয়া এক্সটিকা নামৰ বিলাসী এপাৰ্টমেণ্টত। অৰ্ধাহাৰে অনাহাৰে থকা কিশোৰীগৰাকীক ৪ মহীয়া সন্তানটি গতাই কামে কাজে ওলাই যায় স্বামী-স্ত্ৰী। সেই কামত সামান্য গাফিলতি হ’লেই নিজকে বুজি নোপোৱা কিশোৰীৰ গাত গৰম ইস্ত্ৰী লগাই ৰং চায় ড০ চাবিনা লাংথাছাৰ লগতে স্বামী প্ৰেমা হাস্নু।