চলিত সপ্তাহটোৰ দুটা দিনত গুৱাহাটীৰ কেইবাজনো লোক পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে।
‘এইটো সাধাৰণ কথা, এইটো কোনোধৰণৰ চিন্তাৰ কাৰণ নায়।’ কাৰণ, এইখিনি কথা খোদ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনাইছে।
কিন্তু তেওঁ লগতে কৈছিল সামাজিক দূৰত্ব বজাই ৰাখিব আৰু লগতে সকলোৱে মাস্ক পৰিধান কৰি চলিব।
এইখিনিতেই ঠিকে আছিল আমিও শুনিলো, আপোনালোকেও শুনিলে।
কিন্তু বৃহস্পতিবাৰৰ দিনটোত মন্ত্ৰীগৰাকীয়ে জনোৱা আহ্বানৰ ওলোটাহে দৃশ্য দেখিব পোৱা গ’ল।
নাই কোনো সামাজিক দূৰত্ব, পৰিধান নাই কৰা কোনোধৰণৰ মাস্ক। মুঠতে ঠেলা-হেঁচা মানুহৰ।
কাৰণটো কিয় জানেনে- অমিত শ্বাহ আহিছে অসমত।
আহিছে ৪টাকৈ কাৰ্যসূচীত অংশ ল’বলৈ। বাৰু ঠিকে আছে নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ প্ৰয়োজনে বাৰু।
কিন্তু সাধাৰণ ৰাইজক আলৈ-বিলৈ কৰিবলৈ অধিকাৰটো পোৱা নায়।
তেওঁ আহিব বুলি গুৱাহাটীত আজি বাছৰ অভাৱ। আৰু এই অভাৱে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে গুৱাহাটীৰ ৰাইজক।
ৰাস্তাত বাছ নাই। বাছষ্টেণ্ডত বাছৰ কাৰণে ৰৈ ৰৈ আমনি লাগি গৈছে বাছৰ অপেক্ষাত থকা ৰাইজৰ।
যি এখন আহে সেইখনত এখন ভৰি থবলৈ ঠাই নায়। মানুহ ওলমি ওলমি গৈছে বাছত।
বাছে নিছে নে মানুহ, নে মানুহে বাছখন লৈ গৈছে…একো ধৰিবয়ে নোৱাৰি।
মুঠতে সামাজিক দূৰত্বক বুঢ়া আঙুলিটো দেখুৱাই যাত্ৰা মানুহৰ।
কিনো কৰিব উপায় নাই, কাৰ্যালয়লৈ যাব লাগে, কলেজলৈ যাব লাগে।
কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক দূৰত্ব বজাই ৰখাৰ আহ্বান পালন নকৰাৰ মূল দোষী তেওঁলোকেই।
এগৰাকী মন্ত্ৰী অসম ভ্ৰমণ কৰিব আহিব। এখন নহয়, দুখন নহয়, তিনিখনো নহয় মুঠতে চাৰিখন সভাত অংশগ্ৰহণ কৰিব।
আৰু এই সভাসমূহত ৰাইজক আদৰণি জনায় আৰু ফলত সেই সভাসমূহত অংশ লোৱা লোকসকলৰ যাত্ৰাৰ বাবে প্ৰয়োজন বাছ।
সিফালে টানে এইফালে হয় অভাৱ।
আপোনালোকে নিশ্চয় বুজিব পাৰিছে আমি কিহৰ কথা কৈ আছো, হয় বৃহস্পতিবাৰৰ দিনটোত যে বাছৰ অভাৱ হৈছে তাৰ মূল কাৰণ এইটোৱে।
Photo: Mriganka S. Pathak