ছচিয়েল মিডিয়াত এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হ’বলৈ ধৰিছে।
এই ভিডিঅ’টোত এটি শিশু চলন্ত গাড়ীৰ পৰা বাগৰি পৰা দেখা গৈছে।
মঙলবাৰে ছিৰিন খান নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি এটা প্ৰশ্ন উত্থাপন কৰিলে,
“এনেকুৱা কেনেকৈ হ’ব পাৰে?” এই ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিছত বিভিন্নজনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ভিডিঅ’টোত দেখা পোৱা গৈছে যে, ব্যস্ত ৰাজপথত গাড়ীখন দ্ৰুতগতিত চলি আছিল।
তেতিয়া গাড়ীখনৰ পাছফালৰ ছীটৰ পৰা এটা শিশু বাগৰি পৰে।
তাৰ পিছত শিশুটি নিজৰ ভৰিৰে উঠি থিয় হয় আৰু নিজৰ গাড়ীৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰে।
আৰু তেতিয়াই ৰাজপথত গৈ থকা আনবোৰ গাড়ীৰ বেগ কম হৈ যায় আৰু শিশুটিৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি তাতে ৰৈ যায়।
ইফালে শিশুটিৰ পৰিয়ালে গাড়ীখন কাষত ৰখোৱাই শিশুটিৰ ফালে দৌৰ দিয়ে আৰু সুৰক্ষিতভাৱে নিজৰ লগত লৈ যায়।
How can this even happen? pic.twitter.com/WXnWLeYIQY
— Shirin Khan (@ShirinKhan0) March 16, 2021
বিভিন্নজনে এই ভিডিঅ’টোত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
এজন ইউজাৰে লিখিলে,”ভিডিঅ’টো দেখি এতিয়াও বিশ্বাস কৰিব পৰা নাই যে শিশুটি কুশলে আছে। এয়া এক চমৎকাৰ।
শিশুটিয়ে প্ৰাণ হেৰুৱালে হয়। আনহাতে আন এজন ইউজাৰে লিখিলে, শিশুটিৰ মাতৃ-পিতৃ ইমান দায়িত্ব জ্ঞানহীন কেনেকৈ হ’ব পাৰে?
তেওঁলোকে আগলৈ এইটো কথা মনত ৰাখিব লাগে।
লগতে এজনে লিখিলে, ৰাজপথত থকা লোকসকলে নিজৰ গাড়ীৰ বেগ কমাই দিছিল, এয়া দেখি মই বহুত সুখী অনুভৱ কৰিছো।
Photo: Twitter