দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি হৈ গৈয়ে আছে।
আকাশলংঘী তেলৰ মূল্যৰ বাবে যথেষ্ট সমস্যাত ভুগিছে সাধাৰণ লোক।
পেট্ৰ’ল-ডিজেলৰ মূল্য লগা ‘জুই’ৰ বাবে সমগ্ৰ দেশতে তীব্ৰ বিৰোধিতাৰ সৃষ্টি হৈছে।
আনফালে, উত্তৰপ্ৰদেশৰ মুজফৰনগৰ জিলাত তেলৰ মূল্যক লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে।
তেলৰ মূল্যবৃদ্ধিক লৈ ক্ষুব্ধ এজন লোকে নিজৰ বাইকখন গছত ওলোমাই দিলে।
ৰোহানা গাঁৱত সাব্যস্ত হোৱা এই অভিনৱ প্ৰতিবাদ চাবলৈ ভিৰ কৰেহি বহু লোকে।
দৰাচলতে, দেওবাৰে ৰাহুল নামৰ কৃষকজনে পেট্ৰ’লৰ মূল্যবৃদ্ধিক ক্ষোভ প্ৰকাশ কৰি নিজৰ বাইকখনে গছত ওলোমাই দিয়ে।
ৰাহুলে ক’লে যে প্ৰতিদিনে তেলৰ মূল্যবৃদ্ধিক লৈ তেওঁ যথেষ্ট ক্ষুব্ধ।
ৰাহুলে ক’লে যে কৃষকসকলৰ খেতিৰ মূল্য বৃদ্ধি হোৱা নাই, কিন্তু পেট্ৰ’ল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি হৈ গৈয়ে আছে।
আমি কেনেদৰে গাড়ী চলাম।
ৰেকৰ্ড ভংগৰ স্তৰত পেট্ৰ’ল-ডিজেলৰ মূল্য
দেশৰ ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত ৯০.৫৮টকা আৰু ডিজেলত ৮০.৯৭ টকা।
Photo: ABP News