অসমৰ সমৃদ্ধ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্বেষণ আৰু অনুধাৱন কৰাৰ লক্ষ্যেৰে আৰু ৰাজ্যখনত শেহতীয়াকৈ সম্পাদিত হোৱা উন্নয়নমূলক পদক্ষেপসমূহ অধ্যয়ন কৰাৰ উদ্দেশ্যে মুম্বাই, নাগপুৰ আৰু পুনেৰ ১৩ জনীয়া জ্যেষ্ঠ সাংবাদিকৰ এটা দলে ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ই আয়োজন কৰা ‘মিডিয়া ট্যুৰ’ৰ অংশ হিচাপে ২নৱেম্বৰৰ পৰা ৪নৱেম্বৰলৈ ৰাজ্যখন ভ্ৰমণ কৰিব।
অংশগ্ৰহণকাৰী সাংবাদিকসকল যোৱা ২৯ অক্টোবৰ, ২০২৩-ত গুৱাহাটীত আহি উপস্থিত হৈছিল আৰু তেওঁলোকক পৰম্পৰাগত ভাৱে আদৰণি জনোৱা হৈছিল। দলটো যোৱা দিনকেইটাত মেঘালয় ভ্ৰমণ কৰে আৰু ৰাজ্যখনৰ বিভিন্ন স্থান আৰু অনুষ্ঠান পৰিদৰ্শন কৰে।
অসম ভ্ৰমণৰ সময়ছোৱাত সাংবাদিকসকলে বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব আৰু ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰিব। সংবাদ মাধ্যমৰ দলটোৱে ‘মা কামাখ্যা মন্দিৰ’ ভ্ৰমণৰে অসম ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিব, যি হৈছে চৰকাৰৰ ‘সাগৰ মালা কাৰ্যসূচী’ৰ’নৈপৰীয়া ধৰ্মীয় পৰ্যটন বৰ্তনী’ৰ অধীনত সংযোজিত ঐতিহাসিক মন্দিৰসমূহৰ ভিতৰত অন্যতম।মন্দিৰ দৰ্শনৰ পিছত সাংবাদিকৰ দলটোৱে ‘অসম পৰ্যটন বিভাগ’ৰ জ্যেষ্ঠ পদাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত মিলিত হব। ইয়াৰ পিছত তেওঁলোকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিব।
সংবাদ মাধ্যমৰ দলটোৱে হাতশালত বোৱা অসমৰ পৰম্পৰাগত ৰেচমবস্ত্ৰৰ বাবে বিখ্যাত স্থান শুৱালকুছিও পৰিদৰ্শন কৰিব। দলটোৱে ‘নৰ্থ ইষ্টাৰ্ণ হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড’ (এনইএইচএইচডিচি)ৰ বিষয়ববীয়া সকলৰ সৈতে বাৰ্তালাপ কৰাৰ কথা আছে। সাংবাদিকৰ দলটোৱে ৰাজ্যিক স্বাস্থ্য বিভাগৰ জেষ্ঠ বিষয়া বৰ্গৰেও বাৰ্তালাপ কৰিব আৰুন তুনকৈ স্থাপিত‘এইমছ গুৱাহাটী’ৰ সা-সুবিধাৰ বুজ ল’ব।
সাংবাদিকসকলক পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাংচিকাৰ বিৰোধী পদক্ষেপসমূহৰ সন্দৰ্ভত বনবিভাগে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়েও অৱগত কৰা হ’ব। ‘মিডিয়াট্যুৰ’ৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্য মেঘালয় আৰু অসমত গ্ৰহণ কৰা বিভিন্ন চৰকাৰী পদক্ষেপসমূহৰ সবিশেষ অনুধাৱন কৰাৰ সুযোগ প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে। এনে কথোপকথনে সাংবাদিকসকলক স্থানীয় পৰিস্থিতি, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক অৱস্থা আৰু চৰকাৰৰ উন্নয়নমূলক প্ৰচেষ্টাৰ প্ৰতি সংবেদনশীল কৰি তুলিব। আশা কৰা হৈছে যে এই ভ্ৰমণৰ জৰিয়তে দুয়োটা অঞ্চলৰ সংবাদ মাধ্যম আৰু চৰকাৰী বিভাগ সমূহৰ মাজত এক দীৰ্ঘম্যাদী সম্পৰ্ক গঢ়িউঠিব আৰু পৰৱৰ্তী সময়ত আলোচনা আৰু চিন্তাধাৰ বিনিময়ৰ সুযোগ লাভ কৰিব পৰা যাব।