• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজাৰা-কামাখ্যা সংযোগী ৰেলপথৰ দীপৰ বিলত ৰেলৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল বনৰীয়া হাতীৰ জাক

নিউজ ডেস্ক by নিউজ ডেস্ক
January 3, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
আজাৰা-কামাখ্যা সংযোগী ৰেলপথৰ দীপৰ বিলত ৰেলৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰিল বনৰীয়া হাতীৰ জাক
Share on FacebookShare on Twitter

গুৱাহাটীৰ দীপৰ বিলৰ দক্ষিণ দিশত চকৰদৌত আজাৰা – কামাখ্যা সংযোগী ৰেলপথত আজি পুৱতি নিশা এখন মালবাহী ৰেলৰ চালক আৰু কৰ্তব্যৰত কেবাজনো বনকর্মীৰ তৎপৰতাত ৰেলৰ খুন্দাৰ পৰা ৰক্ষা পৰে এটা ছয়জনীয়া বনৰীয়া হাতীৰ জাক জানিব পৰা মতে মতে, যোৱাকালি সন্ধিয়াৰ ভাগতে দীপৰ বিলৰ গাতে লগা ৰাণী বনাঞ্চলৰ চকৰদৌ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত দীপৰ বিললৈ নামিছিল ছয়টাকৈ বনৰীয়া হাতী। এই বিষয়ে দীপৰ বিল বন্যপ্ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকর্মীএজনে প্ৰত্যক্ষ কৰি আঞ্চলিক বন বিষয়াক অৱগত কৰে। তাৰ পাছত আঞ্চলিক বন বিষয়াৰ নিৰ্দেশত এটা বনকর্মীৰ দলে ৰেলপথত বিশেষ পহৰাৰ ব্যৱস্থা কৰে। পুৱতি নিশা প্ৰায় ৩.২০ মান বজাত অন্ধকাৰ আৰু কুঁৱলীৰ মাজতো হাতীৰ জাকটো দীপৰ বিলৰ পৰা লাহে লাহে উঠি অহা প্ৰত্যক্ষ কৰে পহৰাৰত বনকর্মীৰ দলে। সেই মুহূৰ্ততে কামাখ্যাৰ দিশৰ পৰা আজাৰা অভিমুখে আহি আছিল নামনিমুৱা এখন মালবাহী ৰেল। আনহাতে ৰেলখন চকৰদৌ কলিতাপাৰা পাৰ হোৱাৰ মুহূৰ্ততে প্ৰায় ৪০০ মিটাৰ নিলগৰ মিকিৰপাৰাত হাতীৰ জাকৰ প্ৰথমটো ৰেলপথত উঠে। লগে লগে কলিতাপাৰাৰ দিশত থকা বনকর্মীৰ দলটোৱে বিশেষ সংকেতৰ জৰিয়তে টৰ্চৰ পোহৰ পেলাই ৰেলখনৰ চালকক সন্মুখত হাতীৰ জাক থকাটো অৱগত কৰে। অৱশ্যে ৰেলখনৰ চালকেও লগে লগে ৰেলখন ৰখাবলৈ সক্ষম হয়। প্ৰায় ১৫ মিনিট ৰেলখন ৰখাই থোৱাৰ পাছত হাতীৰ জাকটো ৰেলপথৰ পৰা আঁতৰি যোৱাৰ পাছতহে আজাৰা অভিমুখে ৰেলখনে যাত্ৰা আৰম্ভ কৰে। ৰেল চালক আৰু বনকর্মীৰ সময়োচিত তৎপৰতাৰ বাবে হাতীৰ জাকটো ৰেলৰ খুন্দাৰ পৰা দৈবক্ৰমে ৰক্ষা পৰে। আনহাতে বিশিষ্ট পৰিবেশ কর্মী, দীপৰ বিল বচাও আন্দোলনৰ কৰ্মকর্তা প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে কেৱল আজিয়ে নহয় এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত দীপৰ বিলত ৰেলপথ পাৰ হৈ কাষৰীয়া ৰাণী বা গড়ভঙা বনাঞ্চলৰ পাহাৰৰ পৰা হাতীৰ জাক খাদ্যৰ সন্ধানত প্ৰায়ে নামি আহে। কেতিয়াবা ৰেল চালক – বনকর্মীৰ তৎপৰতাত, কেতিয়াবা সচেতন ৰাইজৰ তৎপৰতাত বা কেতিয়াবা দৈবক্ৰমে ৰেলৰ খুন্দাত হাতীৰ জাক ৰক্ষা পৰে। কিন্তু এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত দীপৰ বিলৰ দক্ষিণ দিশত থকা কামাখ্যা – আজাৰা সংযোগী ৰেলপথৰ দাঁতিয়েদি প্ৰকৃতিপ্ৰেমী সংগঠনৰ বাধা নেওচিও আন এটা ৰেলপথ অৰ্থাৎ দ্বৈত ৰেলপথ নিৰ্মাণ কৰিবলৈ ৰেলৱে মন্ত্ৰণালয়ে কাম আৰম্ভ কৰাত বৃহত্তৰ চকৰদৌ অঞ্চলৰ বাসিন্দা সকল শংকিত হৈ পৰিছে। যাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকলে ৰেলৱে মন্ত্ৰণালয়ক দ্বৈত ৰেলপথ নিৰ্মাণৰ আঁচনি পৰিহাৰ কৰি এলিফেণ্ট কৰিডৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বৰ্তমানৰ ৰেলপথটো দীপৰ বিলৰ উত্তৰ অংশৰে স্থানান্তৰ কৰিবলৈ দাবী জনাইছে।

Previous Post

ISBTত ০.৫ কিলোগ্ৰাম হেৰোইন জব্দ

Next Post

ইণ্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত ‘ভাগৱত’

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
ইণ্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত ‘ভাগৱত’

ইণ্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত 'ভাগৱত'

ক’ৰোনাৰ ভয়ংকৰ সংক্ৰমণ! ক’ভিড পজিটিভ মুখ্যমন্ত্ৰী কেজৰিৱাল

ক'ৰোনাৰ ভয়ংকৰ সংক্ৰমণ! ক'ভিড পজিটিভ মুখ্যমন্ত্ৰী কেজৰিৱাল

অনিশ্চিত ভৱিষ্যৎঃ নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

অনিশ্চিত ভৱিষ্যৎঃ নিয়মীয়া নহয় ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8