অৱশেষত খানামুখ অঞ্চলৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী বাস্তৱায়িত হোৱাৰ দিশত আগবাঢ়িছে। বিশেষকৈ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ ওপৰত পশ্চিম জালুকবাৰীৰ খানামুখৰ ফুকনৰপাৰ আৰু ধাৰাপুৰ গাঁও পঞ্চায়তৰ খানামুখৰ কেহেৰুবাৰীৰ মাজত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শেহতীয়াকৈ এখন লঘু বাহন চলাচল কৰিব পৰা পকী দলং নিৰ্মাণৰ বাবে দলঙৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে।
কেহেৰুৱাৰীৰ ৩ নং উপপথৰ সমীপত দলং নিৰ্মাণ হলে বিপৰীত তথা কেহেৰুৱাৰীৰ দিশৰ পৰা কম সময়তে কণ কণ শিশুবোৰৰ লগতে ছাত্ৰ – ছাত্ৰী আৰু ৰাইজে বিদ্যালয় , খেলপথাৰ , লক্ষ্মী মন্দিৰ , কমিউনিটি হল আদিৰ দৰে ৰাজহুৱা অনুষ্ঠানত সহজতে আৰু নিৰাপদে উপস্থিত হব পাৰিব বুলি পৰিদৰ্শনকালত বিধায়ক কলিতাই সহমত ব্যক্ত কৰে । পৰিদৰ্শন কালত গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ ভূপেন ঠাকুৰীয়া , অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা উপস্থিত থাকে।
আনহাতে, সংঘৰ কৰ্মকর্তাসকলে সদৰি কৰা অনুসৰি খানাজানৰ পূব দিশত ফুকনৰপাৰত অৱস্থিত খানামুখ প্ৰাথমিক বিদ্যালয়ত কেহেৰুবাৰীকে ধৰি গাতে লগা নোৱাপাৰাসহ অঞ্চলটোৰ বেছিভাগ শিশুৱে অধ্যয়ন কৰে। তেনেদৰে বিদ্যালয়ৰ খেলপথাৰ খনেই হৈছে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ খেলপথাৰ। তেনেদৰে খেলপথাৰৰ লগতে আছে শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰ আৰু সভা-সমিতি অনুষ্ঠিত হোৱা এটা কমিউনিটি হল বা সামূহিক গৃহ। কিন্তু, দলঙৰ অভাৱত কেহেৰুবাৰী, নোৱাপাৰা অঞ্চলৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে একৰ পৰা ডেৰ কিঃমিঃ ঘূৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে অতি বিপদসংকুলভাবে অহা যোৱা কৰিব লগা হয়। আনকি, বিগত সময়চোৱাত তেনেকৈ অহা যোৱা কৰা কেবাজনো ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লব লগীয়া হৈছে। উল্লেখযোগ্য যে, দলংখন নিৰ্মাণ হলে অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ এটা বহুদিনীয়া সমস্যাৰ সমাধান হোৱাটো নিশ্চিত।