মহানগৰীৰ মালিগাঁও গোশালাৰ কাষৰীয়া দেৱকোটা অঞ্চলৰ এজন মেধাৱী ছাত্ৰ বিগত আঠদিন ধৰি উত্তৰাখণ্ডৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ আই আই টি, ৰুৰকিত অধ্যয়নৰত হৈ আছিল দেৱকোটা অঞ্চলৰ নিছান কঠেত নামৰ এজন মেধাৱী ছাত্ৰ। তেঁও যোৱা ২২ ছেপ্টেম্বৰৰ পৰা ৰুৰকিৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই স্বাভাবিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত জানিব পাৰি নিছানৰ সন্ধানত পৰিয়ালৰ লোক কেইবাদিনো ধৰি ৰুৰকিত বাহৰ পাতি আছে যদিও এতিয়ালৈকে ছাত্ৰজনৰ কোনো সন্ধান পোৱা হোৱা নাই। পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি নিছান আই আই টিৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল আৰু তিনিজন বন্ধুৰ সৈতে আই আই টিৰ পৰা কিছু নিলগত ঘৰ ভাড়া কৰি অধ্যয়ন কৰি আছিল। ২২ ছেপ্টেম্বৰৰ দিনা বিয়লি প্ৰায় ৩.৪৫ মান বজাত নিছান ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিছিল আৰু সেই দিন ধৰি বিগত প্ৰায় ৮ দিন ধৰি তাৰ কোনো সন্ধান পোৱা হোৱা নাই।
তাৰ পাছত দুদিন ধৰি কোনো সন্ধান নোপোৱাত নিছানৰ বন্ধু তিনিজনে নিছান সন্ধানহীন হোৱা সন্দৰ্ভত ২৪ ছেপ্টেম্বৰত স্থানীয় গংগনাহৰ আৰক্ষী চকীত এখন এজাজাৰ দাখিল কৰে। ইতিমধ্যে ভৰতীয় তেল নিগমৰ বেতকুছিস্থিত প্ৰকল্পত কৰ্মৰত নিছানৰ পিতৃ কুমাৰ কাঠেটসহ পৰিয়ালৰ লোক উত্তৰাখণ্ডৰ ৰুৰকিত গৈ উপস্থিত হৈছে যদিও যদিও তাৰ কোনো সম্ভেদ লাভ কৰা নাই। অৱশ্যে শেষবাৰৰ বাবে সিদিনাই বিয়লি ৰুৰকিৰ পৰা কিছু নিলগৰ যাদুকৰ নগৰ নামৰ ঠাইত নিছানৰ মবাইল ফোনৰ শেষ লকেচন পোৱা গৈছিল। তাৰ পাছৰে পৰা এতিয়ালৈকে নিছানৰ মবাইল ফোনৰ চুইচ অফ হৈ আছে। সিদিনা ৰুমৰ পৰা ওলাই যোৱাৰ সময়ত নিছানৰ পিন্ধনত আছিল স্কাই ব্লু টি চাৰ্ট আৰু বগা হাফ পেন্ট। পৰিয়ালৰ লোকে নিছানৰ কিবা সম্ভেদ লাভ কৰিলে ৬০০১০ ৮০৩৫৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।