পশ্চিম গুৱাহাটীৰ অসম – মেঘালয় সীমান্তবৰ্তী ৰাণী খপেগাওত আজি পুৱাৰ ভাগত এজন কৃষকে কৃষিভূমিত থকা হাবি – জংগল চাফ – চিকুণ কৰাৰ উদ্দেশ্যেৰে নিজৰ বাৰীত জ্বলোৱা জুইত এডাল অজগৰ সাপ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হয়। জানিব পৰা মতে মতে কৃষকজনে জংগলত জুই লগাই দিয়াৰ পাছত এটা গাতৰ পৰা ওলাই আহিছিল প্ৰকাণ্ড অজগৰ সাপডাল। লগে লগে তেওঁ অজগৰডালক জুইৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যৰে এডাল বাহেৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে সাপডাল বহু পৰিমাণে আঘাটপ্ৰাপ্তও হয়। কোনো সচেতন লোকে ৰানী বনাঞ্চলিক বিষয়া কাৰ্যালয়ক বিষয়টোঅৱগত কৰে যদিও কোনো বনকৰ্মী উপস্থিত নহল।
স্থানীয় ৰাইজে পাছত গুৰুতৰভাবে আহত হোৱা সাপটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। কিন্তু সন্ধিয়া পৰ্যন্ত অজগৰডালৰ অৱস্থা একেবাৰে সংকটজনক হৈয়ে আছে। ইফালে উপযুক্ত চিকিৎসাৰ ব্যবস্থা কৰিলে সাপডাল আৰোগ্য লাভ কৰাৰ সম্ভাৱনা আছে বুলি সচেতন লোকসকল মত ব্যক্ত কৰিছে। তাৰ পাছত কোনো লোকে বন বিভাগৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন, সন্দীপ কুমাৰক অবগত কৰাত কুমাৰে পূব কামৰূপ বন সংমণ্ডল বিষয়াক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বন সংমণ্ডল বিষয়া জনে ৰাণী বনাঞ্চলৰ বনাঞ্চলিক বিষয়াক সাপডাল উদ্ধাৰ কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশৰ পাছত দুপৰীয়াহে এটা বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰি চিকিৎসাৰ ব্যবস্থা গ্রহণ কৰে।