দেশে স্বাধীনতা পোৱাৰ ৭৪ বছৰৰ পিছতো এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত হাঁহাকাৰ জোনাইৰ এখন গাঁও। জোনাইৰ বাহিৰ চিলে গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগি আহিছে যদিও চৰকাৰ কিম্বা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৃপা দৃষ্টি নপৰিল গাঁৱখনলৈ।
উল্লেখ্য যে, জোনাইৰ বাহিৰ চিলে গাঁৱত দহ-বাৰ ফুট তলতে শিলাস্তৰ পোৱাত গাঁৱখনৰ ৰাইজে বহাব নোৱাৰে টিউৱেল। দকৈ খান্দিব নোৱাৰে কোঁৱা বা নাদ। অৱশ্যে গাঁৱখনত কেইটামান নাদ আছে যদিও পানীবোৰ ৰঙা হৈ মামৰ থকাত ফিল্টাৰ কৰিও নহয় খোৱাৰ উপযোগী। আনহাতে গাঁৱখনত কোনোমতে দুই এঘৰে স্থাপন কৰিছে টিউৱেল। সেই দুই-এটা টিউৱেলৰ পৰাই গাঁৱখনৰ ৰাইজে পুৱা-গধুলি পানী তুলিবলৈ শাৰি পাতিব লগা হয়।
জানিব পৰা মতে গাঁৱখনৰ সিমুৰত থকা ৰাইজেও বহু দূৰ আহি কষ্টৰে পানী তুলি খাবলগীয়া হোৱাত সৃষ্টি হৈছে ৰাইজৰ মাজত হাঁহাকাৰ। বিশেষকৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে জোনাই সদৰলৈ গৈ বিভিন্ন স্কুল-কলেজত অধ্যয়ন কৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত।
ৰাইজে অভিযোগ কৰা মতে, এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি বছৰ বছৰ ধৰি বাহিৰ চিলে গাঁৱৰ ৰাইজে চৰকাৰ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওচৰত আবেদন-নিবেদন কৰি আহিছে যদিও আজিকোপতি সক্ষম নহল চৰকাৰে যোগান দিয়া এটুপি বিশুদ্ধ খোৱা পানী পোৱাৰ। যাৰ ফলত লেতেৰা আৰু মামৰে থকা পানী খাই বহু সময়ত গাঁৱখনৰ ৰাইজৰ মাজত দেখা দিয়ে নানান অচিন ৰোগৰ।