দেশত ক’ৰোনাই সৃষ্টি কৰা ভয়াবহতাৰ মাজতে অসমৰ সাংস্কৃতিক জগতলৈ সুখবৰ কঢ়িয়াই আনিছে অভিনেত্ৰী আইমী বৰুৱাই।
চলচিত্ৰ নিৰ্মাণৰ জৰিয়তে আইমী বৰুৱাই লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত ‘BEST DEBUT FILMMAKER’ শীৰ্ষক বঁটা।
অভিনেত্ৰী আইমী বৰুৱাই পোন প্ৰথমবাৰৰ নিৰ্মাণ কৰা ডিমাছা ভাষাৰ চলচিত্ৰ ‘SEMKHOR’ৰ বাবে টেগৰ ইন্টাৰনেছনেল ফিল্ম ফেষ্টিভেলত এই আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়।
এই ছবি খনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে আইমী বৰুৱাই।
উল্লেখযোগ্য যে এই ছবি খনৰ বাবে আইমী বৰুৱাই ৩ টা শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
টেগৰ ইন্টাৰনেছনেল ফিল্ম ফেষ্টিভেলত ডিমাছা ভাষাৰ প্ৰথম ছবি SEMKHORৰ বাবে
BEST WOMEN FILM, BEST NARRATIVE, BEST DEBUT FILMMAKER শিতানত শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই।
Photo Credit: facebook