ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ অপহৰণৰ আজি ১১ দিনত ভৰি দিলেহি।
আজিও উদ্ধাৰ কৰিব নোৱাৰিলে চৰকাৰ অথবা সেনাবাহিনীয়ে।
তিতাবৰ বৰহোলা নাঙল গাঁৱৰ যুৱক ৰিতুল শইকীয়াৰ ঘৰত শনিবাৰে উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা ৷
ৰিতুল শইকীয়াৰ ঘৰত শংকৰ জ্যোতি বৰুৱা উপস্থিত হৈ সংবাদমাধ্যমৰ ওচৰত আলফাক আহ্বান জনালে যে,
ৰিতুল শইকীয়াক অপহৰণ কৰা সম্পৰ্কত স্থিতি স্পষ্ট কৰক।
ইফালে ৰিতুলৰ মাতৃয়ে কান্দি কান্দি শোকত ভাগি পৰি হাতত তামোল-পানৰ শৰাই লৈ শংকৰ জ্যোতি বৰুৱাক আহ্বান জনালে ‘মোৰ লৰাটোক ঘূৰাই দিয়ক’।
সাংবাদিকৰ লগত হোৱা কথা বাৰ্তাত আছুৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ৰিতুল শইকীয়া অপহৰণ সম্পৰ্কত আলফাক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই কয় যে,
থলগিৰীৰ কথা কোৱা আলফাৰ এনে কাৰ্য কেতিয়াও মানি ল’ব নোৱাৰে বুলি মন্তব্য প্ৰদান কৰে।
এই মহামাৰীৰ সময়ত ৰিতুলৰ বৃদ্ধ পিতৃ-মাতৃ আৰু পত্নী সহ ৪ মহীয়া পুত্ৰ সন্তানৰ কথা ভাবক আৰু যাৰেই কৱলত আছে, সেয়া লাগিলে প্ৰশাসনেই হওক, সেনাবাহিনীয়েই হওক নাইবা আলফা স্বাধীনেই হওক কোনেও বিভ্ৰান্তিৰ সৃষ্টি নকৰি ৰাজনীতি পৰিহাৰ কৰি ৰিতুল শইকীয়াক মুক্তি দিবৰ বাবে আহ্বান জনাইছো।
Photo: Headline8