ক’ভিড সংক্ৰমণৰ বাবে পূৰ্বৰ ধাৰাবাহিকতা ভংগ কৰি যোৱা দুটা বছৰে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে উদযাপন কৰি অহা মুকলি বিহু অনুষ্ঠান উদযাপন কৰাৰ পৰা বিৰত আছিল। বৰ্তমান পৰিৱশে উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ সমগ্ৰ অসমে অতি জাক-জমকতাৰে উদযাপন কৰিছে ৰঙালী বিহু।
দুটা বছৰৰ বিৰতিৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত কৰিছে মুকলি বিহু। জজ খেলপথাৰত আছুৰ উদ্যোগত অনুষ্ঠিত হোৱা মুকলি বিহুৰ বাকৰিত ভিৰ কৰিলেহি সাধাৰণ জনতাই। পুৱাৰ পৰা সৃষ্টি হোৱা প্ৰতিকুল বতৰকো নেওচি মহানগৰৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰিলেহি জজ খেলপথাৰৰ বাকৰি।
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত পুৱা ১০:৩০বজাত বিহুৰ পতাকা উত্তোলন কৰে বিশিষ্ট সংগীত পৰিচালক দশৰথ দাসে। আনহাতে বিহু উদযাপন স্থলীত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি দীপাংক কুমাৰ নাথে।
অনুষ্ঠানত তৰালি শৰ্মা, সন্ধ্যা মেনন, জুবলী, অৰুন্ধতী বেজবৰুৱাৰ একাঁজলী শ্ৰদ্ধাঞ্জলি শীৰ্ষক গীতৰ অনুষ্ঠান আছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ পাছত সমূহীয়া বিহু নৃত্যৰে মুকলি বিহুৰ সামৰণি পৰিব।