অসমৰ নিৰ্বাচনৰ গৰম বতাহ মাৰ নৌ যাওঁতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চলিল নিৰ্বাচনৰ গৰম বতাহ।
উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন বৃহস্পতিবাৰে অনুষ্ঠিত হয়।
মুঠ ১৮ টা পদৰ বাবে ৩৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে এই নিৰ্বাচনত।
ফলাফলো আহিল কিন্তু দেখা গল অদ্ভুত পৰিৱৰ্তন।
এইবেলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধিকাংশ পদতে জয়লাভ কৰিলে নিৰ্দলীয় প্ৰাৰ্থীয়ে।
তাৰ পৰিৱৰ্তে AASU (সদৌ অসম ছাত্ৰ সন্থা)য়ে মুখ থেকেচা খোৱা দেখিবলৈ পোৱা গল।
অতীজৰে পৰা ডিব্রুগড় বিশ্ববিদ্যালয়ত ASSUয়ে প্ৰভাৱ বিস্তাৰ কৰি আহিছিল ।
কিন্তু এইবাৰ AASU ৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাইও নিজৰ প্ৰভাৱ বিস্তাৰ ধৰি ৰাখিব নোৱাৰিলে।
বিশ্ববিদ্যালয় খনৰ নিৰ্বাচনী ফলাফলৰ ১১টা পদত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিলে।
এসময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি লুৰিনজ্যোতি গগৈ।
লুৰিনজ্যোতি গগৈৰ নেতৃত্বতে AASU য়ে প্ৰভাৱ বিস্তাৰ কৰি আহিছিল শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত।
কিন্তু এইবাৰ কিয় AASU য়ে নিজৰ আধিপত্য স্থাপন কৰিব নোৱাৰিলে তাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতাৰ।
ছাত্ৰৰ ৰাজনীতিত AASU ৰ জনপ্ৰিয়তা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে এইবেলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাৰ সাধাৰণ নিৰ্বাচনত।
সকলোৰে মনত প্ৰশ্ন হৈছে কিয় এইবাৰ নিৰ্বাচনত অধিকাংশ AASU প্ৰাৰ্থীয়ে হাৰ মানিবলগীয়া হ’ল?
AASU ৰ আধিপত্যৰ দুৰ্গ হিচাপে চিহ্নিত বিশ্ববিদ্যালয়ৰ নির্বাচনী ফলাফলে আচৰিত কৰি তুলিছে সকলোকে।
কেতিয়াও ভাবি নোপোৱা ফলাফল লাভ কৰিছে AASU য়ে।AASU ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ এটা সিদ্ধান্তৰ বাবে সলনি হ’ল নেকি ছাত্ৰ সমাজৰ মনোভাৱ?
Photo Credit: Google