সামগ্ৰীৰ অতিপাত মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি বিশ্বনাথত আজি এক প্ৰতিবাদী কাৰ্য্যসূচী অনুষ্ঠিত কৰে বিশ্বনাথস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ নেতা কৰ্মী সকলে।
লগতে সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে চৰকাৰক ধিক্কাৰ দিয়ে আৰু যোগান বিভাগৰ প্ৰতিমূৰ্তি দাহ কৰে।
তেওঁলোকে জনাইছে যে চৰকাৰ আৰু যোগান বিভাগৰ দ্বায়িত্ব হীনতাৰ বাবে দেশৰ সমগ্ৰ ৰাজ্যতে এতিয়া মূল্যবৃদ্ধি হৈছে।
মূল্যবৃদ্ধিৰ বাবে দেশৰ জনতা জুৰুলা হৈছে বুলিও উল্লেখ কৰিছে প্ৰতিবাদী দলটোৱে।
Photo Credit :Google