• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব: জৰ্জ ছেৰিয়ান

গ্ৰীণ একচন উইকৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা

নিউজ ডেস্ক by নিউজ ডেস্ক
October 21, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব: জৰ্জ ছেৰিয়ান
Share on FacebookShare on Twitter

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জোনালী ৰ পৰা ভৰলুমুখলৈ ভৰলু নদীৰ পাৰত কিছুমান ঠাইত গোপনে কেমেৰা সংস্থাপন কৰিছিলে। এই কেমেৰাসমূহে প্ৰায় ৭০০ খনমান ফটো তুলিছিল। পিছত এই ফটো বিলাক অধ্যয়ন কৰি আমি আচৰিত হৈছিলোঁ যে মাজনিশা গুৱাহাটীৰ একাংশ লোকে অতি গোপনে ভৰলু নদীত নিয়মীয়া ভাবে ঘৰুৱা জাৱৰ ৰ টোপোলা পেলায়। এই উদ্বেগজনক ভাষ্য অসম প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰৰ। বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ৰিভেৰিয়াত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম উদ্যোগত আৰু কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সহযোগত গ্ৰীণ একচন উইক -২০২২ শীৰ্ষক এক ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডঃ মিশ্ৰই কয় যে সকলো কাম কেৱল চৰকাৰে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন লোক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সজাগ আৰু সচেতন হব লাগিব। বেৰিয়াম নাইট্ৰেটৰ দৰে ক্ষতিকাৰক ৰাসায়নিকৰে প্ৰস্তুত কৰা প্ৰচলিত ফটকাৰ পৰা সৃষ্টি হোৱা ভয়াবহ প্ৰদূষণ ৰোধৰ বাবে উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰ নিৰ্দেশৰ ভিত্তিত অসম প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদে দিপাৱলীৰ সময়ত ফটকা ফুটোৱাৰ ক্ষেত্ৰত কিছুমান দিৰ্দেশনা জাৰি কৰিছে।

অনুষ্ঠান উদ্বোধন কৰি দিয়া ভাষণত কাটছ ইন্টাৰনেচনেল, জয়পুৰৰ সঞ্চালক জৰ্জ ছেৰিয়ানে কয় – ২০১৯ চনত সমগ্ৰ বিশ্বত ৫৩.৬ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনাৰ সৃষ্টি হৈছিল। এছিয়া মহাদেশত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ২৪.৯ মেট্ৰিক্টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। আমেৰিকা আৰু চীন দেশৰ পিছত ভাৰতত ৩.২ মেট্ৰিক্টন ই-আৱৰ্জনাৰ সৃষ্টি হয়। যদি এই ধাৰা অব্যাহত থাকে তেন্তে ২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব। অনুষ্ঠানটো আগধৰি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই যুৱ প্ৰজন্মৰ প্ৰতিজন সদস্যকে সামগ্ৰী ভাগ বিতৰণৰ অভ্যাস গঢ়ি তুলি প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লবলৈ আহ্বান জনায়।

ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা খনত অসম চৰকাৰৰ কৃষি বিভাগৰ উপ সঞ্চালক খগেন্দ্ৰ শর্মা, অসম ৰাজ্যিক জৈৱ বৈচিত্রতা বৰ্ড বৈজ্ঞানিক বিষয়া ডঃ ওইনাম সুনন্দা দেৱী, এছটেকৰ প্ৰগ্ৰাম বিষয়া ডঃ মনিশা শৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণ আগবঢ়াই। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সামাজিক অনুষ্ঠান, বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্র-ছাত্ৰী, কৃষি , পৌৰ আৰু বন বিভাগৰ বিষয়া, সংবাদ কৰ্মী উপস্থিত থাকে।উল্লেখ্য যে কাটছ ইন্টাৰনেচনেলৰ সহযোগত অসমত কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামকে ধৰি দেশৰ ১৪ খন ৰাজ্যৰ ১৪ টা সামাজিক সংগঠনে গ্ৰীণ একচন উইক -২০২২ ৰ কাৰ্যসূচী ৰূপায়ন কৰি আছে।

Previous Post

মাত্ৰ ৪৫ দিন! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে কৰিলে পদত্যাগ

Next Post

গুৱাহাটীৰ প্ৰধান সমস্যাসমূহৰ ওপৰত ‘Let’s Get Involved 1.0′ নামৰ এক বিশেষ কৰ্মশালাৰ আয়োজন!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটীৰ প্ৰধান সমস্যাসমূহৰ ওপৰত ‘Let’s Get Involved 1.0′ নামৰ এক বিশেষ কৰ্মশালাৰ আয়োজন!

গুৱাহাটীৰ প্ৰধান সমস্যাসমূহৰ ওপৰত ‘Let's Get Involved 1.0' নামৰ এক বিশেষ কৰ্মশালাৰ আয়োজন!

সংকটজনক অৱস্থাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা

সংকটজনক অৱস্থাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা

অন্নপূৰ্ণা গ্ৰুপে মুকলি কৰে ভিজন ২০২৫

অন্নপূৰ্ণা গ্ৰুপে মুকলি কৰে ভিজন ২০২৫

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8