উত্তৰপ্ৰদেশৰ কাছগঞ্জত মাঘী পূৰ্ণিমাৰ দিনাই এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।
তাত গংগাত স্নান কৰিবলৈ যোৱা ৫জন লোক ডুব যায়।
কিন্তু আৰক্ষীৰ তৎপৰতাত ৩জনক সুকলমে উদ্ধাৰ কৰা হয়।
২জন লোকো বৰ্তমানেও সন্ধানহীন।
২জন সন্ধানহীন
সন্ধানহীন লোক দুজনৰ নাম গোবিন্দ আৰু অনুজ। দুয়োজন সম্বন্ধত মামা আৰু ভাগিন বুলি জানিব পৰা গৈছে।
দুয়োজনৰে সন্ধান উলিয়াবলৈ আৰক্ষীৰ উদ্ধাৰ অভিযান অব্যাহত।
ঘটনাটো ছিকন্দৰপুৰৰ কাদৰগঞ্জ গংগা ঘাটৰ।
মুখ্যমন্ত্ৰী যোগীয়ে বিষয়াসকলক দিয়ে নিৰ্দেশনা
কাছগঞ্জত গংগা স্নানৰ সময়ছোৱাত সংঘটিত হোৱা দুৰ্ঘটনাটোক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জ্যেষ্ঠ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ভুক্তভোগীসকলৰ সহায়ৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।
Photo: ABP News