ন্যায়াধীশৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ পৰিকল্পিত ভাৱে অভিযোগ উত্থাপন কৰাৰ অপৰাধত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৫ লাখ টকাৰ জৰিমনা বিহিছে কলিকতা উচ্চ ন্যায়ালয়ে।
উল্লেখ্য যে মমতা বেনাৰ্জীয়ে ন্যায়ধীশ কৌশিক চন্দাক তেওঁৰ আবেদনৰ শুনানি গ্ৰহণৰ পৰা আঁতৰাবলৈ উচ্চ ন্যয়ালয়লৈ পত্ৰ প্ৰেৰণ কৰিছিল। ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰাৰ পূৰ্বে কৌশিক চন্দা বিজেপিৰ সৈতে সংযুক্ত হৈ আছিল বাবেই এই আবেদন জনাইছিল মমতাই।
পিছে কৌশিক চন্দাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই আবেদনৰ জৰিয়তে শুনানিৰ পূৰ্বেই তেওঁৰ সিদ্ধান্তক প্ৰভাৱিত কৰাৰ এক অপচেষ্টা চলাইছে বুলি অভিযোগ কৰে আৰু মমতাক ৫ লাখ টকাৰ জৰিমণা বিহে। লগতে তেওঁ মমতা বেনাৰ্জীয়ে কলিকতা উচ্চ ন্যয়ালয়ত দাখিল কৰা আবেদনৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ অস্বীকাৰ কৰিছে।