প্ৰেমৰ দিনটোতে যুৱতীৰ ওপৰত এচিড আক্ৰমণ।
ডিব্ৰুগড়ত সংঘটিত হয় এই নৃশংস ঘটনা।
ডিব্ৰুগড়ৰ আমোলাপট্টিৰ মিৰ্জাবাগত সন্ধিয়া এচিড আক্ৰমণৰ বলি হয় এগৰাকী যুৱতী।
সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন যুৱতীগৰাকী।
ডিব্ৰুগড় জয়পুৰ কছাৰী গাঁও নিবাসী বেউতী হাজৰিকা নামৰ ৩২ বছৰীয়া যুৱতীগৰাকী ডিব্ৰুগড় আমোলাপট্টী নিজৰা পথত বায়েকৰ ঘৰত বৰ্তমান থাকি ছোহম শ্বপিং মলত কাম কৰি আছিল।
মিৰ্জা বাগত দেওবাৰে সন্ধিয়া ছোহম শ্বপিং মলৰ পৰা কাম কৰি উভতি যোৱা পথত আমোলাপট্টী নাট্য মন্দিৰ ওচৰত আক্ৰমণৰ বলি হয় যুৱতীগৰাকী।
ইফালে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি এই দিশত এতিয়া আমোলাপট্টী আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰি এজন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে।
Reference Acid throwing incident of Dibrugarh on February 14th, the FIR named accused has been arrested and follow up lawful action being taken. We shall leave no stone unturned to bring justice to the victim. @assampolice @DGPAssamPolice @CMOfficeAssam
— GP Singh (@gpsinghips) February 15, 2021
Photo: Google