কালি গুৱাহাটীৰ এক বিশেষ আদালত যোগে ACS বিষয়া নন্দিতা কোঁৱৰক ৪ বছৰৰ কাৰদণ্ডৰ শাস্তি প্ৰদান কৰা হ’ল।
২০১৫ চনৰ এগৰাকী ঠিকাদাৰৰ পৰা উৎকোচ লোৱাৰ সময়ত অসম আৰক্ষীৰ তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে লোতে ধৰি আটক কৰিছিল নন্দিতা কোঁৱৰক।
যাৰ বাবে দোষী সাব্যস্ত কৰি ৮ এপ্ৰিল তাৰিখে শাস্তি প্ৰদান কৰা হৈছে বিষয়াগৰাকীক।
গুৱাহাটীৰ বিশেষ আদালতে ২টাকৈ ধাৰাত শাস্তি প্ৰদান কৰিছে নন্দিতা কোঁৱৰক।
প্ৰথম ধাৰাটো হৈছে ২০হাজাৰ টকা জৰিমনাৰ লগতে ৪ বছৰৰ কাৰদণ্ড আৰু দ্বিতীয় ধাৰাটো হৈছে ১২ হাজাৰ টকা জৰিমনাৰ লগতে ৩ বছৰৰ কাৰদণ্ড।
এই কথা এক টুইটযোগে প্ৰকাশ কৰিছে অসম পুলিচৰ DGP জে পি সিং য়ে।
Spl V&AC Court Ghty in Case No.10/2017 convicted
Smti Nandita Konwar,ACS, then serving as PD, DRDA, Kamrup(M) Punishment:
u/s 7 PC Act-3 years & fine of Rs.12,000/-
u/s 13(2) PC Act-4 years & fine of Rs 20000
Both sentences to run concurrently. @DIR_VAC_ASSAM @DGPAssamPolice— GP Singh (@gpsinghips) April 8, 2021
Photo Credit: Google