আজি সন্ধিয়া ৭ বজাৰ ভিতৰত তিহাৰ জে’লৰ পৰা মুক্তি লাভ কৰিব দেবাংগনা কলিতাই ।
উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সৈতে জড়িত হৈ দীৰ্ঘদিন ধৰি কাৰাবান্দী হৈ আছিল অসমৰ জীয়ৰী দেবাংগনা কলিতা।
যোৱা ১৫ জুনত দিল্লী উচ্চ ন্যায়ালয়ে দেবাংগনা আৰু তেওঁৰ দুই সতীৰ্থৰ জামিন মঞ্জুৰ কৰিছিল।
এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ওচৰত দিল্লী আৰক্ষীয়ে আৱেদনো জনাইছিল।
পিছে সেই আৱেদন নাকচ কৰি তাৎক্ষণিকভাৱে দেবাংগনা আৰু তেওঁৰ সতীৰ্থক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে আৰু ইয়াৰ পিছতে দেবাংগনা মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হৈ পৰে।