বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ মাতৃয়ে আজি ৰাতিপুৱা শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতা অক্ষয় কুমাৰে এই দুখৰ খবৰটো সামাজিক মাধ্যমত অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে। কিছুদিন আগতে, অক্ষয় কুমাৰৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে তেওঁক আই.চি.ইউত ভৰ্তি কৰাইছিল।
অভিনেতা অক্ষয় কুমাৰে এদিন আগতে মাতৃৰ আৰোগ্যৰ বাবে ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ প্ৰাৰ্থনাক গভীৰ হৃদয়েৰে শ্বেয়াৰ কৰিছিল।
অভিনেতা গৰাকীয়ে ইনষ্টাগ্ৰামত আজি এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “তেওঁ মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। আজি মই অসহনীয় বেদনাত আছোঁ। মোৰ মা অৰুণা ভাটিয়াই এই পৃথিৱী এৰি গৈছে আৰু এতিয়া তেওঁ দেউতাৰ সৈতে আহিছে। আপোনালোক সকলোৰে প্ৰাৰ্থনাৰ প্ৰয়োজন কিয়নো আমাৰ পৰিয়ালটো এই বেয়া সময়ৰ সৈতে যুঁজ দি আছে।”