অভিনেতা কমল আৰ খানক আজি পুৱা মালাড আৰক্ষীয়ে মুম্বাইৰ বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তথ্য অনুসৰি অভিনেতা কমল আৰ খানে যোৱা দুছৰৰ পূৰ্বে ছ’চিয়েল মিডিয়াত এটা বিতৰ্কিত পোষ্ট কৰিছিল।
২০২০ চনতে কৰা এই বিতৰ্কিত পোষ্টটোৰ বাবে আজি তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁ টুইটাৰত ধৰ্মৰ ক্ষেত্ৰত বিবাদৰ সৃষ্টি হোৱা এক পোষ্ট কৰিছিল। আৰু সেই টুইটতোৰ যুৱ সেনাৰ সদস্য ৰাহুল কনালে অভিনেতা গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰ আৰু ইৰফান খানক লৈ কৰা এক বিতৰ্কিত মন্তব্য কৰাৰ বাবে ২০২০ চনতেই এজাহাৰখন দাখিল কৰা হৈছিল যদিও মালাড আৰক্ষীয়ে KRKক আজিহে গ্ৰেপ্তাৰ কৰে।